ছত্তিশগড়ত মাওবাদীৰ ভয়ংকৰ আক্রমণৰ মাষ্টাৰমাইণ্ড মহিলা বিদ্রোহী
৩৪ বছৰীয়া যুৱতী সুজাতাক লৈ দেশজুৰি চর্চা
নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ ছত্তিশগড়ৰ বিজাপুৰৰ তাৰেম অঞ্চলৰ অৰণ্যত মাওবাদীয়ে চলোৱা শিহৰণকাৰী আক্রমণত ২২গৰাকী জোৱান শ্বহীদ হোৱা ঘটনাক লৈ সমগ্র দেশতে চলি আছে উত্তপ্ত পৰিস্থিতি৷ এই ভয়ংকৰ আক্রমণৰ নেতৃত্ব দিছিল চি পি আই (মাওবাদী)ৰ এগৰাকী মহিলা যোদ্ধাই৷ উল্লেখনীয় যে শনিবাৰে প্রায় ৭০০ মাওবাদী গেৰিলাই আক্রমণ চলাইছিল নিৰাপত্তা বাহিনীৰ ওপৰত৷ এই আক্রমণৰ মাষ্টাৰমাইণ্ড আছিল সুজাতা নামৰ মাওবাদী নেত্রীগৰাকী৷ সু–পৰিকল্পিতভাৱে এই আক্রমণ চলাইছিল মাওবাদীয়ে৷ ইয়াৰ পৰিকল্পনা কৰিছিল সুজাতাই৷ ৩৪ বছৰ বয়সীয়া সুজাতা বিজাপুৰৰ মাওবাদী সংগঠনৰ মূল দায়িত্বত আছে৷ মহিলা এই বিদ্রোহীৰ প্রশাসনে মূৰৰ মূল্য নির্ধাৰণ কৰি থৈছে ৮ লাখ টকা৷ দেখাত অতি সহজ এই সুজাতাক বিজাপুৰৰ আৰক্ষীয়ে পূর্বে গ্রেপ্তাৰ কৰিছিল যদিও পলায়ন কৰিবলৈ সক্ষম হয়৷ মূলতঃ দক্ষিণ বষ্টাৰৰ দণ্ডকাৰণ্যত বিদ্রোহীৰ প্রশিক্ষণ দি লাহে লাহে সমগ্র অঞ্চলটোৰ নেতৃত্ব লাভ কৰে সুজাতাই৷ সুজাতাৰ স্বামীও এজন মাওবাদী নেতা৷ সুজাতাৰ স্বামীৰ নাম আজাদ আলিয়াছ ক’য়দা৷ সুজাতাৰ পৰিকল্পনা অনুসৰি মাওবাদীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত মোক্ষম আঘাত হনাৰ পিছত সমগ্র দেশজুৰি চর্চালৈ আহিছে এই মহিলা বিদ্রোহী৷