নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি সৰুপেটা পাবহি শ্বহীদ দিলীপ কুমাৰ দাসৰ নশ্বৰ দেহ

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ছত্তিশগড়ত মাওবাদীৰ ভয়াৱহ আক্রমণত নিহত শ্বহীদ ‘বীৰ’ দিলীপ কুমাৰ দাসৰ নশ্বৰ দেহ আজি দিনৰ ভাগত তেওঁৰ নিজ গাঁও ভাৰেগাঁও পাবহি৷ জোৱানগৰাকীৰ নশ্বৰ দেহ সোমবাৰৰ ভিতৰতে তেওঁৰ নিজ গৃহ পোৱাৰ কথা আছিল যদিও আজিৰ ভিতৰতহে জোৱানগৰাকীৰ মৃতদেহ পাবহি বুলি পৰিয়ালৰ সূত্রে জানিব পৰা গৈছে৷

ইতিমধ্যে মৃত জোৱানগৰাকীৰ মৃতদেহ সৎকাৰৰ বাবে গাঁৱৰ যুৱকসকলে যুদ্ধকালীন ক্ষিপ্রতাৰে সমাধিস্থলী সাজু কৰি তোলা বুলি জানিব পৰা গৈছে৷ আজি গাঁওখনৰ পশ্চিম পথাৰৰ সমাধিস্থলীত সামৰিক মর্যাদাৰে জোৱানগৰাকীৰ মৃতদেহ সৎকাৰ কৰা হ’ব বুলিও জানিব পৰা গৈছে৷ আনহাতে,   বজালী জিলাৰ আৰক্ষী অধীক্ষক ধর্মেন্দ্র দাস আৰু বহুকেইজন উচ্চপদস্থ আৰক্ষী বিষয়া, চি আৰ পি এফ বাহিনীৰ উচ্চপদস্থ বিষয়া বীৰ শ্বহীদ দিলীপ দাসৰ বাসগৃৃহলৈ আহি শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আজি হ’ব লগা অন্ত্যেষ্টিক্রিয়াৰ বাবে বিভাগৰ তৰফৰ পৰা ল’ব লগা ব্যৱস্থা সম্পর্কে পৰিয়ালবর্গ তথা গাঁওবাসীৰ লগত আলোচনা কৰে৷

 ইফালে পৰিয়ালৰ তৰফৰ পৰা জানিব পৰা মতে, বীৰ শ্বহীদ দিলীপ কুমাৰ দাসে চি আৰ পি এফৰ পৰিদর্শক পদৰ পৰা ডি এছ পি পদলৈ পদোন্নতি পাই গুৱাহাটী শোধনাগাৰৰ নিৰাপত্তাৰ দায়িত্ব লাভ কৰিছিল যদিও চি আৰ পি এফৰ দুগৰাকী উচ্চপদস্থ বিষয়াৰ গাফিলতিত দিলীপ কুমাৰ দাসে চি আৰ পি এফৰ ২১০ কোব্রাৰ দায়িত্বৰ পৰা অব্যাহতি নাপালে আৰু পদোন্নতি পোৱা ডি এছ পি পদত যোগদান কৰাৰ সুবিধা নাপালে বুলি অভিযোগ উত্থাপন কৰিছে৷

তদুপৰি পৰিয়ালে আন এটা অভিযোগ উত্থাপন কৰা মতে, ডি এছ পি পদত ষড়যন্ত্রমূলকভাৱে যোগদান কৰিব নিদি দিলীপ দাসক একপ্রকাৰ জোৰ কৰি ছত্তিশগড়লৈ মাওবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ পঠিয়াই দিয়ে৷ ঘৰত ছুটী কটাই যোৱা ১৮ মার্চতহে ঘৰৰ পৰা গৈ চাকৰিত যোগদান কৰিছিল দিলীপ দাসে৷ তদুপৰি চাকৰিত যোগদান কৰাৰ দ্বিতীয় দিনাই তেওঁক ছত্তিশগড়লৈ পঠিয়াইছিল আৰু তালৈ গৈ থকা অৱস্থাতহে তেওঁ মাওবাদীৰ বিৰুদ্ধে এম্বুশ্বৰ বাবে গৈ আছে বুলি খবৰ দিছিল৷

মাওবাদীৰ বিৰুদ্ধে এম্বুশ্বত যোৱাৰ খবৰ পাই তেওঁৰ পত্নী আৰু ডাঙৰ ভাতৃগৰাকীয়ে সাৱধানে থাকিবলৈ পৰামর্শ দিছিল৷ তদুপৰি ৩ মার্চৰ পুৱা পত্নী আৰু ভায়েককেইজনক ফোন কৰি বীৰ শ্বহীদগৰাকীয়ে তেওঁলোক ছত্তিশগড়ৰ ঘন জংঘলৰ মাজলৈ মাওবাদীৰ বিৰুদ্ধে এম্বুশ্বত যাবলৈ ওলোৱা বুলি জনোৱাৰ লগতে তেওঁৰ ফোন দিনটো বন্ধ থাকিব আৰু অপাৰেচন শেষ কৰি আহি নিশা তেওঁ নিজে ঘৰলৈ ফোন কৰিব বুলিও জানিবলৈ দিছিল৷

কিন্তু অতি দুর্ভাগ্যজনকভাৱে বহু আকাংক্ষিত ফোন অহাৰ পৰিৱর্তে তেওঁৰ মৃত্যুৰ খবৰহে অহাত পৰিয়ালৰ মাজত কেৱল কান্দোনৰ ৰোলহে উঠে৷

অতি দৰিদ্র পৰিয়ালৰ ল’ৰা দিলীপ দাসে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা সত্ত্বেও আধাতে পঢ়া সামৰি দৰিদ্রতাৰ পৰা ঘৰখন ৰক্ষা কৰাৰ বাবে ঘৰৰ হাজাৰ বাধা নেওচিও চি আৰ পি এফত যোগদান কৰিছিল৷ তদুপৰি চাকৰি পোৱাৰ আগতে তেওঁ ঘৰখনক আর্থিক দিশত সকাহ দিবলৈ কেতিয়াবা বেলেগৰ ঘৰত ধান কটা, তামোল পাৰি, টিউচন কৰি হ’লেও অর্থ উপার্জন কৰিছিল৷

আনহাতে, তেওঁ চি আৰ পি এফত যোগদান কৰিবলৈ যোৱাৰ সময়ত বেলেগৰ পৰা পাঁচ হাজাৰ টকা ধাৰ কৰি আনি চাকৰিত যোগদান কৰিবলৈ যোৱাৰ দুখ ভৰা কাহিনী শ্বহীদগৰাকীৰ ভাতৃয়ে কান্দি কান্দি স্মৰণ কৰি কোৱা কথাখিনিয়ে তাত উপস্থিত থকা প্রতিগৰাকী লোককে কন্দুৱাইছে৷

You might also like