নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড প্রট’কল নমনাৰ বাবে ছত্তিশগড়ত জিলা দণ্ডাধীশৰ আতিশয্য

পদৰ পৰা অপসাৰণ কৰিলে মুখ্যমন্ত্রী ৱাঘেলে

নিয়মীয়া বাৰ্তা ২৪ মেঃ ক’ভিড–১৯ প্রট’কল ভংগ কৰা লোকৰ বিৰুদ্ধে জিলা দণ্ডাধীশে নিজে আইন হাতত তুলি লৈ শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ছত্তিশগড়ত৷ ৰাজ্যখনত সুৰজপুৰ জিলাৰ উপায়ুক্ত ৰণবীৰ শর্মাই ক’ভিড–১৯ প্রট’কল উলংঘা কৰা লোক এজনক চৰিয়াই থকা ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ৰাজ্যখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ তাৎক্ষণিকভাৱে ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেলে জিলা দণ্ডাধীশ গৰাকীক পদবীৰ পৰা অপসাৰণ কৰে৷

আমান মিট্টাল নামৰ ২৩ বছৰীয়া যুৱক এজনক হঠাতে পথত আগচি ধৰি চৰিয়াইছিল ৰণবীৰ শর্মাই৷ দণ্ডাধীশগৰাকীয়ে আনকি লগত থকা দুই আৰক্ষীকো যুৱকজনক প্রহাৰ কৰিবলৈ নির্দেশ দিয়ে৷ ইয়াৰ পিছতে আৰক্ষী বিষয়া দুগৰাকীয়ে আহি নৃশংসভাৱে প্রহাৰ কৰে যুৱকজনক৷ এগৰাকী প্রশাসনিক বিষয়াৰ এনে কাণ্ডৰ পিছতে ছত্তিশগড়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ আনকি জনতাৰ ক্ষোভ প্রশমিত কৰিবলৈ ৰাজ্যখনৰ মুখ্যমন্ত্রীয়ে জিলা দণ্ডাধীশগৰাকীক পদৰ পৰা অপসাৰণ কৰিবলৈ বাধ্য হয়৷

You might also like