নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯এ শিশুৰ জীৱনলৈ কঢ়িয়াই আনিব অমানিশা

নিয়মীয়া বাৰ্তা ১৩ জুনঃ ক’ৰোনা ভাইৰাছ মহামাৰী সংকটে বিশ্বৰ কেইবানিযুত শিশুক শ্রমিক হ’বলৈ বাধ্য কৰাব৷ ভাৰত, ব্রাজিল, মেক্সিকোকে ধৰি জনবসতিপূর্ণ দেশসমূহত কেইবানিযুতো শিশুৰ জীৱনলৈ নামি আহিব অমানিশা৷ ৰাষ্ট্রসংঘৰ শেহতীয়া এক প্রতিবেদনত সদৰী কৰা হৈছে এই তথ্য৷ বিভিন্ন ক্ষেত্রত প্রগতিৰ জৰিয়তে বিগত ২০টা বছৰত শিশু শ্রমিকৰ সংখ্যা ৯৪ নিযুতলৈ হ্রাস কৰা হৈছিল যদিও শেহতীয়াকৈ আন্তর্জাতিক শ্রম সংস্থা (আইএল’) আৰু ইউনিচেফে যুগুতোৱা ‘ক’ভিড–১৯ এণ্ড চাইল্ড লেবাৰঃ এ টাইম অৱ ক্রাইছিছ, এ টাইম টু এক্ট’ শীর্ষক প্রতিবেদনত উল্লেখ কৰা হৈছে যে নতুনকৈ কেইবানিযুত শিশু দুর্ভিক্ষৰ কবলত পৰিব৷ এই শিশুসকল বাধ্য হ’ব শ্রমিকৰ জীৱন যাপন কৰিবলৈ৷ অর্থাৎ অর্ধাহাৰ আৰু অনাহাৰত পৰা কেইবানিযুত শিশুৱে পুনৰ দাসত্বৰ জীৱন কটাবলগীয়া হ’ব ক’ভিড–১৯ সংকটৰ বাবে৷
লক্ষণীয়ভাৱে শিশু শ্রমিকবিৰোধী আন্তর্জাতিক দিৱস দেশে দেশে উদ্যাপন কৰি থকাৰ সময়তে বিশ্বৰ সর্বোচ্চ সংস্থাটোৱে এই প্রতিবেদন মুকলি কৰি দিছে৷ এই প্রতিবেদন অনুসৰি অতি অস্বাস্থ্যকৰ পৰিৱেশত সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে কেবল ক্ষুধা নিবাৰণৰ বাবে নিয়োজিত হ’বলৈ বাধ্য হ’ব অসংখ্য শিশু৷ ইয়াৰ ফলত শিশুৰ স্বাস্থ্য আৰু নিৰাপত্তাৰ ক্ষেত্রত সৃষ্টি হ’ব হেঙাৰ৷
উল্লেখনীয় যে দুর্দশাগ্রস্ত পৰিয়ালবোৰত দৈনন্দিন খাদ্যৰ জোৰা মাৰিবলৈ বহু শিশুৱে শ্রমিক হিচাপে নিয়োজিত হ’বলগীয়া হয় অস্বাস্থ্যকৰ পৰিৱেশত৷ লেটিন আমেৰিকা আৰু আফ্রিকাৰ দেশসমূহত ক’ভিড–১৯এ শিশুসকলৰ জীৱনলৈ অধিক অন্ধকাৰ পৰিস্থিতি কঢ়িয়াই আনিব বুলিও এই প্রতিবেদনত উল্লেখ কৰা হৈছে৷ একে সময়তে ভাৰতৰ দৰে দেশতো ইয়াৰ প্রত্যক্ষ প্রভাৱ পৰিব বুলি স্পষ্ট কৰা হৈছে এই প্রতিবেদনত৷ ৰাষ্ট্রসংঘৰ এই প্রতিবেদন সদৰী হোৱাৰ লগে লগে বিশ্বৰ বিভিন্ন দেশত মানৱ অধিকাৰ সংস্থাসমূহে বিষয়টোক গুৰুত্বসহকাৰে ল’বলৈ দাবী জনাইছে৷

You might also like