নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাল খবৰঃ ১৬ মাৰ্চৰ পৰা ১২-১৪বছৰ বয়সৰ শিশুক প্ৰদান কৰা হ’ব ক’ৰোনা ভেকচিনন

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ  ক’ভিড-১৯ৰ পৰা সুৰক্ষা সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই এক টুইটযোগে ঘোষণা কৰিছে যে ১২ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ টিকাকৰণ অহা ১৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব। তেওঁ টুইট কৰি কয় যে যদি দেশৰ শিশুসকল সুৰক্ষিত থাকে, তেন্তে দেশখন সুৰক্ষিত! মই আপোনাক জনাবলৈ পাই আনন্দিত যে ১৬ মাৰ্চৰ পৰা ১২ৰ পৰা ১৩ আৰু ১৩ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ কভিড টিকাকৰণ আৰম্ভ হ’ব। লগতে, ৬০+ বছৰ বয়সৰ সকলোৱে এতিয়া প্ৰিকুয়েশ্যন ডজ প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। মই শিশু আৰু ৬০+ বয়সৰ লোকসকলৰ পৰিয়ালক টিকাকৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ।

You might also like