চীনা মন্ত্রী ৱেইৰ পাক–নেপাল ভ্রমণক লৈ উদ্বিগ্ণ ভাৰতীয় বিশেষজ্ঞ
নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ শেহতীয়াকৈ চীনৰ প্রতিৰক্ষামন্ত্রীৰ নেপাল আৰু পাকিস্তান ভ্রমণক লৈ ভাৰতৰ নিৰাপত্তা বিশেষজ্ঞসকলৰ মাজত সৃষ্টি হৈছে কৌতূহল৷ নেপাল আৰু পাকিস্তান ভ্রমণৰ সময়ত ইছলামাবাদত এক প্রতিৰক্ষা চুক্তিত স্বাক্ষৰো কৰে চীনৰ মন্ত্রী ৱেই ফেংহেয়ে৷ ইয়াৰ পিছতে দেশৰ নিৰাপত্তা বিশেষজ্ঞ তথা প্রাক্তন কূটনীতিকসকলে ভাৰতৰ বিৰুদ্ধে এয়া এক চীনৰ নতুন ৰণকৌশলৰ অংশ বুলি ধাৰণা কৰিছে৷ স্মর্তব্য যে যোৱা দেওবাৰে এদিনীয়া ভ্রমণসূচী লৈ নেপালত উপস্থিত হৈছিল প্রতিৰক্ষামন্ত্রীগৰা৷ নেপালৰ কাঠমাণ্ডুত মন্ত্রী ফেংহেয়ে উল্লেখ কৰে যে চীনে হিমালয়ান ৰাষ্ট্রখনৰ ৰাষ্ট্রীয় নিৰাপত্তা, সার্বভৌমত্ব আৰু আঞ্চলিক ঐক্যৰ প্রতি সদায় সমর্থন আগবঢ়াই যাব৷ ইয়াৰ পিছতে পাকিস্তানত গৈ উপস্থিত হয় প্রতিৰক্ষামন্ত্রীগৰা৷ পাকিস্তানত সেনা মুৰব্বী জেনেৰেল কামাৰ বাজৱাৰ সৈতে আলোচনাত মিলিত হৈ আঞ্চলিক নিৰাপত্তা সন্দর্ভত মন্তব্য আগবঢ়ায় ফেংহেয়ে৷ লক্ষণীয়ভাৱে চীন–পাকিস্তান অর্থনৈতিক কৰিড’ৰ (চিপিইচি) প্রকল্প সফল কৰি তুলিবলৈ ইছলামাবাদ প্রশাসনে গ্রহণ কৰা ভূমিকাক প্রশংসাও কৰিছে মন্ত্রীগৰাকীয়ে৷ পূব লাডাখ সীমান্তত ভাৰতৰ সৈতে চলি থকা উত্তেজনাৰ সময়তে পাকিস্তান–নেপালৰ সার্বভৌমত্ব আৰু আঞ্চলিক ঐক্যৰ কথা কৈ চীনে ভাৰতৰ বিৰুদ্ধে নতুন ষড়যন্ত্র ৰচিব পাৰে বুলি সন্দেহ কৰিছে কেইবাগৰাকীও বিশেষজ্ঞই৷