নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাচিত বৰফুকনে অসমীয়া জাতিক বিশ্বৰ বুকুত শক্তিশালী ৰূপত প্রতিষ্ঠা কৰিলেঃ মুখ্যমন্ত্রী

চেপনত উদ্বোধন বৰফুকনৰ পূর্ণাংগ প্রতিমূর্তি

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ ‘ঐতিহাসিক শৰাহঘাট যুদ্ধৰ মহানায়ক বীৰ লাচিত বৰফুকনে দেশমাতৃৰ বাবে নিজৰ জীৱন সমর্পিত কৰি সমগ্র অসমীয়া জাতিক বিশ্বৰ বুকুত শক্তিশালী ৰূপত প্রতিষ্ঠা কৰিলে৷ যাৰ বাবে আজিৰ তাৰিখত সমগ্র অসমীয়া জাতিয়ে বিশ্বৰ বুকুত সাহসেৰে চিনাকি দিব পাৰে৷’ –বুধবাৰে সদৌ তাহ আহোম ছাত্র সন্থাৰ চেপন আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাহজৰ আন্তৰিক প্রচেষ্টাত চেপনত নির্মাণ কৰা মহাবীৰ লাচিত বৰফুকনৰ পূর্ণাংগ প্রতিমূর্তি উদ্বোধন কৰি অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এনেদৰে কয়৷ সদৌ তাহ আহোম ছাত্র সন্থাৰ চৰাহদেউ জিলা সমিতিৰ উপ–সভাপতি দয়ানন্দ ফুকনৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে লগতে কয়– ‘চেপন অঞ্চলত মহাবীৰ লাচিত বৰফুকনৰ এহ স্থায়ী প্রতিমূর্তি নির্মাণ হোৱাৰ লগে লগে এহ অঞ্চলৰ উঠি অহা প্রজন্মৰ দেশমাতৃৰ প্রতি অকৃত্রিম শ্রদ্ধা আৰু জীৱনৰ সর্বস্ব ত্যাগ কৰিব পৰা চেতনা প্রতিনিয়ত জাগ্রত কৰি তুলিব৷’ উল্লেখ্য যে উজনি অসমৰ চৰাহদেউ, ডিব্রুগড আৰু শিৱসাগৰ জিলাৰ সীমান্তৱর্তী ক্ষুদ্র বাণিজ্যিক চহৰ চেপনস্থিত চেপন ক্ষুদ্র প্রাথমিক স্বাস্থ্যকেন্দ্রৰ সন্মুখত নির্মাণ কৰা প্রায় বিশ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্রতিমূর্তি উন্মোচনৰ পূর্বে মুখ্যমন্ত্রীগৰাকীয়ে তাহ আহোমৰ মলুঙ্সকলৰ পৰা আশীর্বাদ গ্রহণ কৰি প্রতিমূর্তিটো উদ্বোধন কৰে৷

You might also like