নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ পৰিকল্পনাৰ কুফল গালোৱানৰ সংঘৰ্ষ

মার্কিন সংস্থা ইউএছচিচিৰ প্রতিবেদনত প্রামাণিক তথ্য থকাৰ দাবী

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ সীমান্তৰ পূব লাডাখত ভাৰতীয় সেনাৰ সৈতে চীনৰ পি এল এৰ মাজৰ উত্তেজনা এদিনীয়া সংঘাতৰ ফল নহয়৷ প্রকৃত নিয়ন্ত্রণ ৰেখা (এলএচি)ত কেইবালানিও উত্তেজনাৰ মাজতে চলিত বর্ষৰ জুন মাহৰ আৰম্ভণিতে চীন–ভাৰতৰ সেনাৰ মাজত সৃষ্টি হোৱা সংঘর্ষত ভাৰতীয় বাহিনীৰ কম পক্ষেও ২০জন জোৱান শ্বহীদ হোৱাৰ উপৰি চীনৰো কেইবাজনো সৈনিক হতাহত হৈছিল৷ শেহতীয়াকৈ আমেৰিকাই গালোৱান উপত্যকাত এই উত্তেজনা সন্দর্ভত চীনৰ ষড়যন্ত্র জড়িত থকাৰ বহু প্রামাণিক তথ্য পোৱা বুলি দাবী কৰিছে৷ ১৯৭৫ চনৰ পিছত দুয়োখন দেশৰ সেনাৰ মাজত হোৱা উত্তেজনাত প্রথমবাৰৰ বাবে সৈনিকে প্রাণ হেৰুৱাইছে গালোৱানৰ ঘটনাত৷ আমেৰিকাৰ এক সংস্থাই দাবী কৰা অনুসৰি বহু বছৰ ধৰি গালোৱান সীমান্তত চীনা বাহিনীয়ে প্রদান কৰি অহা ভাবুকিৰ ফল হৈছে চলিত বছৰৰ সংঘর্ষৰ ঘটনা৷ আমেৰিকা–চীন অর্থনৈতিক তথা নিৰাপত্তা পর্যালোচনা আয়োগ (ইউএছচিচি) নামৰ সংস্থাটোৰ চলিত বর্ষৰ প্রতিবেদনত সদৰী কৰা হৈছে এই তথ্য৷ মার্কিন কংগ্রেছত দাখিল কৰা এই তথ্য অনুসৰি বেইজিং প্রশাসনে বহু বছৰ ধৰি প্রতিৱেশী দেশসমূহৰ বিৰুদ্ধে ভাবুকিমূলক প্রচাৰ চলাই আহিছে সীমান্তত৷ জাপানৰ পৰা ভাৰতলৈকে চীনা বাহিনীয়ে প্রদান কৰি অহা ভাবুকিৰ ফলতেই সৃষ্টি হৈছে সংঘর্ষ৷ ইউ এছ চি চিৰ প্রতিবেদন অনুসৰি চীনৰ প্রতিৰক্ষামন্ত্রীৰ নির্দেশমর্মেই পি এল এই ভাৰতীয় বাহিনীৰ বিৰুদ্ধে গালোৱানত সংঘর্ষৰ সূত্রপাত ঘটাইছিল৷ চীনে সীমান্তত আন্তঃগাঁথনি নির্মাণৰ জৰিয়তে ভাৰতীয় বাহিনীক উত্তেজনাত লিপ্ত হ’বলৈ বাধ্য কৰোৱা বুলিও প্রতিবেদনত উল্লেখ কৰা হৈছে৷

You might also like