নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ দাবী অৰুণাচল প্রদেশ আমাৰ

ত্তৰ–পূবৰ সূর্য উঠা ৰাজ্যক নিজ ভূখণ্ডৰ দক্ষিণ তিব্বত ৰূপে অভিহিত কৰিলে ড্রেগনৰ দেশেঃ ৫ অৰুণাচলীৰ অপহৰণ সন্দর্ভত ভাৰতীয় সেনাৰ ‘হটলাইন মেছেজ’ৰ উত্তৰ দিবলৈ অস্বীকাৰ চীনা বৈদেশিক মন্ত্রালয়ৰ

নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ  সীমান্তত অব্যাহত থকা সংঘাত সমাধানৰ পৰিৱর্তে ৰঙা চীনে যুদ্ধংদেহি মনোভাব গ্রহণ কৰাটোহে পুনৰ স্পষ্ট হ’ল৷ ভাৰত ভূখণ্ডত অনুপ্রৱেশ কৰি পাঁচজনকৈ অৰুণাচলী যুৱকক অপহৰণ কৰি নিয়া আগ্রাসী ৰাষ্ট্রখনে এইবাৰ উত্তৰ–পূর্বাঞ্চলৰ সূর্য উঠা ৰাজ্য অৰুণাচল প্রদেশক নিজৰ চাৰিসীমাৰ অন্তর্গত বুলি মুকলিকৈ দাবী কৰিলে৷ লাডাখ সীমান্তত ৰণদামামা বাজি থকাৰ সময়তে অৰুণাচল প্রদেশক লৈ এনে দম্ভালিৰে কার্যতঃ ভাৰতৰ ধৈর্য পৰীক্ষা ল’ব বিচাৰিছে উদণ্ড বেইজিঙে৷ সোমবাৰে বেইজিঙত সংবাদ মাধ্যমক নিয়মীয়া সম্বোধন কালত সাংবাদিকে পাঁচ অৰুণাচলী যুৱকৰ অপহৰণ সন্দর্ভত কৰা প্রশ্ণৰ বিপৰীতে চীনৰ বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র ঝাও লিঝিয়ানে অৰুণাচল প্রদেশৰ অস্তিত্বকে নস্যাৎ কৰে৷ লিঝিয়ানে অৰুণাচল প্রদেশক চীনৰ ভূখণ্ডৰ অধীনস্থ বুলি দাবী কৰি কয়– ‘চীনৰ ভূখণ্ডত অবৈধভাৱে স্থাপন কৰা তথাকথিত অৰুণাচল প্রদেশক আমি কেতিয়াও স্বীকৃতি দিয়া নাই৷ সেই এলেকাটো আমাৰ চীনৰ অন্তর্গত দক্ষিণ তিব্বত৷’ অপহূত পাঁচ অৰুণাচলী যুৱকৰ তথ্য বিচাৰি ভাৰতীয় সেনাই চীনা সৈন্যবাহিনী পিপলছ লিবাৰেচন আর্মীলৈ (পি এল এ) প্রেৰণ কৰা হটলাইন মেছেজৰ উত্তৰ দিবলৈও লিঝিয়ানে অস্বীকাৰ কৰে৷ এই সন্দর্ভত চীনৰ বৈদেশিক মন্ত্রালয়ৰ মুখপাত্রজনৰ ভাষ্য আছিল এনেধৰণৰ– ‘সেই অঞ্চলটোত পাঁচজন ভাৰতীয় নিখোজ হোৱা সন্দর্ভত পি এল এলৈ কি বার্তা আহিছে, সেই ক্ষেত্রত আমাৰ ওচৰত কোনোধৰণৰ তথ্য নাই৷’ অপহৰণ কৰি নিয়া পাঁচজন অৰুণাচলী যুৱকক মোকলাই দিয়া তথা সীমান্তত অব্যাহত থকা সংঘাত সমাধানৰ হকে ড্রেগনৰ দেশখনে যে ভাৰতৰ সৈতে সহযোগিতা কৰিব বিচৰা নাই, সেই কথাই চীনৰ বৈদেশিক মন্ত্রালয়ৰ মুখপাত্রজনৰ ভাষ্যত ওলাই পৰিল৷ ইয়াৰ সমান্তৰালভাৱে অৰুণাচল প্রদেশৰ অস্তিত্বৰ প্রসংগ টানি আনি চীনে যেন ভাৰতৰে সীমান্তত সংঘাত দ্বিগুণে বৃদ্ধি তথা দীঘলীয়াহে কৰিব বিচাৰিছে৷ তদুপৰি যুদ্ধংদেহি চীনৰ এনেধৰণৰ স্থিতিৰ ফলত অপহূত পাঁচ অৰুণাচলী যুৱকৰ মুক্তিৰ বিষয়টোক লৈও আশংকা সৃষ্টি হৈছে৷

উল্লেখ্য যে সংঘাত নিৰসনৰ হকে যোৱা ৪ ছেপ্ঢেম্বৰত মস্কোত ভাৰত–চীন উভয় দেশৰ প্রতিৰক্ষা মন্ত্রীয়ে বৈঠকত মিলিত হোৱাৰ দিনটোতে চৰম স্পর্ধা প্রদর্শনেৰে ড্রেগন বাহিনীয়ে ভাৰত ভূখণ্ডত অনুপ্রৱেশতেই ক্ষান্ত নাথাকি পাঁচজনকৈ অৰুণাচলী যুৱকক অপহৰণ কৰি নিছিল৷ দেশজুৰি চাঞ্চল্য সৃষ্টিকাৰী এই ঘটনাটো সংঘটিত হৈছিল অৰুণাচল প্রদেশৰ আপাৰ সোৱণশিৰি জিলাৰ অন্তর্গত ভাৰত–চীন সীমান্তৱর্তী নাছো চক্রৰ ‘ছেৰা–৭’ পেট্র’লিং পইণ্টত৷ আপাৰ সোৱণশিৰি জিলাৰ সদৰ ডাপোৰিজোৰ পৰা ১২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত নাছো চক্র এলেকাৰ ৭জনকৈ যুৱকে চিকাৰৰ বাবে ঘন জংঘলত প্রৱেশ কৰিছিল৷ কিন্তু মেকমোহন লাইনৰ পৰা ভাৰতৰ দিশে প্রায় ৫০ কিলোমিটাৰ দূৰত্বৰ ‘ছেৰা–৭’ পেট্র’লিং পইণ্টত পি এল এৰ টহলদাৰী দলে ইয়াৰে পাঁচজন যুৱকক অপহৰণ কৰি নিয়ে৷ বাকী দুজনে সুযোগ বুজি পলাই সাৰিবলৈ সক্ষম হয়৷ স্থানীয় গাঁওবাসীয়ে দাবী কৰা মতে, অপহূত টাজিন সম্প্রদায়ৰ পাঁচজন যুৱক ভাৰতীয় সেনাবাহিনীৰ ‘প’টাৰ’ হিচাপে কাম কৰিছিল৷ অর্থাৎ তেওঁলোক নিয়োজিত আছিল সীমান্তৰ দুর্গম স্থানলৈ সেনাবাহিনীৰ ৰচদ–পাতি কঢ়িয়াই নিয়াৰ কামত৷ অপহূত যুৱককেইজনক ইতিমধ্যে টছ ছিংকাম, প্রসাট ৰিংলিং, ডংটু ইবিয়া, টনু বাকেৰ আৰু নগ্রু ডিৰি বুলি চিনাক্ত কৰা হৈছে৷ এই ঘটনাৰ পিছদিনাই অর্থাৎ যোৱা পাঁচ ছেপ্ঢেম্বৰৰ পুৱা ৫.০৮ বজাত পশ্চিম পাছিঘাট সমষ্টিৰ কংগ্রেছ বিধায়ক নিনোং ইৰিঙে এক টুইট কৰে৷ বিধায়ক ইৰিঙৰ এই টুইটৰ পাছতেই কার্যতঃ চাঞ্চল্য সৃষ্টি হয় সমগ্র দেশত৷ মন কৰিবলগীয়া যে যোৱা মার্চ মাহতো মেকমোহন লাইনৰ সমীপৱর্তী আছাপিলা ছেক্টৰৰ পৰা টগ্লে চিনকাম নামৰ এজন ২১ বছৰীয়া যুৱকক ‘গানপইণ্ট’ত ৰাখি লাল ফৌজে অপহৰণ কৰি নিছিল৷ অৱশ্যে সম্পূর্ণ ১৯ দিন বন্দী কৰি ৰখাৰ পাছত চীনা সৈন্যবাহিনীয়ে মোকলাই দিছিল যুৱকজনক৷ পি এল এই পুনৰ অনুৰূপ কার্যত লিপ্ত হোৱাত অৰুণাচল প্রদেশৰ সীমান্তৱর্তী অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে৷ আপাৰ সোৱণশিৰি জিলাৰ আৰক্ষী অধীক্ষক টাৰু গুচ্ছাৰে ইতিপূর্বে সদৰী কৰা অনুসৰি ঘটনা সংঘটিত হোৱা সীমান্তৰ দুর্গম অঞ্চলটোলৈ নাছো আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াৰ নেতৃত্বত অৰুণাচলী আৰক্ষীৰ এটা দল প্রেৰণ কৰা হৈছে৷ কিন্তু সীমান্তলৈ যোৱা পথ ইমানেই দুর্গম যে খোজকাঢ়ি গ’লে কমেও ১০–১২ দিনৰ বাট৷ সেয়েহে যুৱককেইজন সন্দর্ভত বর্তমান পর্যন্ত অৰুণাচল আৰক্ষী প্রশাসনে কোনোধৰণৰ তথ্য সংগ্রহ কৰিব পৰা নাই৷ এনে অৱস্থাত ভাৰতীয় সেনাবাহিনীৰ তৰফৰ পৰা পি এল এলৈ যুৱককেইজনৰ সন্ধান তথা তথ্য বিচাৰি কালি এটা হটলাইন মেছেজ প্রেৰণ কৰা বুলি টুইটাৰযোগে সদৰী কৰিছিল কেন্দ্রীয় মন্ত্রী কিৰেণ ৰিজিজুৱে৷ পিছে এই হটলাইন মেছেজৰ উত্তৰ দিবলৈ চীনে অস্বীকাৰ কৰা বিষয়টোৱে যথেষ্ট তাৎপর্য বহন কৰিছে৷ এতিয়া সমগ্র বিষয়টো সন্দর্ভত ভাৰত চৰকাৰে তাৎক্ষণিকভাৱে কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷ ইফালে, অপহৰণ কাণ্ডটোক লৈ চাঞ্চল্য অব্যাহত থকাৰ সময়তে পূব অৰুণাচল প্রদেশ লোকসভা সমষ্টিৰ সাংসদ টাপিৰ গাৱে এক গুৰুত্বপূর্ণ তথ্য সদৰী কৰিছে৷ চীনৰ আগ্রাসনৰ বাস্তৱ ছবিখন উদঙাই দি সাংসদ গাৱে সংবাদ মাধ্যমৰ আগত কয় যে নাছো চক্রৰ অধীনস্থ ৪০ৰ পৰা ৫০ কিলোমিটাৰ পর্যন্ত ভাৰতৰ ভূখণ্ড শেহতীয়াকৈ নিজৰ দখললৈ নিছে পি এল এই৷

You might also like