গালৱানত উৰিল ৰঙা চীনৰ ৰাষ্ট্রীয় পতাকা
লাডাখৰ পাংগং হ্রদত দলং সাজিছে চীনে প্রধানমন্ত্রীয়ে নীৰৱতা ভংগ কৰকঃ কংগ্রেছ
নিয়মীয়া বাৰ্তা ৪ জানুৱাৰীঃ ইংৰাজী নৱবর্ষ ২০২২ৰ প্রাৰম্ভতেই ভাৰতৰ সার্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাক ভেঙুচালি কৰিলে ৰঙা চীনে৷ ভাৰত আৰু চীনৰ মাজত লাডাখৰ পৰা অৰুণাচল প্রদেশলৈকে সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে চীনৰ সেনাই ইংৰাজী নৱবর্ষৰ দিনাই গালৱান উপত্যকাত উৰুৱালে ৰাষ্ট্রীয় পতাকা৷ চীনৰ পি এল এ জোৱানে ভিডি’যোগে নতুন বর্ষটোত গালৱান উপত্যকাত চীনৰ পতাকা উৰুৱাই ভাৰতলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ চীনৰ চৰকাৰী সংবাদ মাধ্যম গ্ল’বেল টাইমছকে ধৰি বিভিন্ন সংবাদ মাধ্যমত গালৱান উপত্যকাত চীনৰ সেনাই পতাকা উৰুওৱা দৃশ্য প্রচাৰ কৰাৰ লগতে ছ’চিয়েল মিডিয়াতো গালৱান উপত্যকাত পতাকা উৰুওৱাৰ ভিডিঅ’ ফুটেজ প্রচাৰ কৰাৰ লগে লগে আলোড়নৰ সৃষ্টি হৈছে৷
মন কৰিবলগীয়া যে অৰুণাচল প্রদেশক নিজৰ বুলি দাবী কৰা চীনে অৰুণাচল প্রদেশৰ ১৫টা স্থানৰ নাম নিজাববীয়াকৈ ঘোষণা কৰাৰ পাছতেই গালবান উপত্যকাত পতাকা উৰুৱাই ভাৰতক একপ্রকাৰ প্রত্যাহ্বান জনালে৷ প্রসংগক্রমে উনুকিয়াব লাগিব যে ২০২০ চনৰ ১৫ জুনত গালৱান উপত্যকাত চীন আৰু ভাৰতৰ সেনাৰ মাজত হোৱা ভয়াৱহ সংঘাতত সেনা বিষয়াসহ ভাৰতৰ ২০ জোৱান শ্বহীদ হোৱাৰ পাছৰে পৰা উক্ত অঞ্চলৰ লগতে সমগ্র আন্তর্জাতিক সীমান্তত উত্তেজনা অব্যাহত আছে৷ গালৱান উপত্যকাৰ লগতে লাডাখৰ বিভিন্ন উপত্যকাতো চীনৰ সেনাই আগ্রাসী পদক্ষেপ গ্রহণ কৰি আছে৷ উত্তৰাখণ্ডত প্রৱেশ কৰি চীনা সেনাই আন্তঃগাঁথনি বিধ্বস্ত কৰাৰ লগতে অৰুণাচল প্রদেশতো প্রৱেশ কৰিছে৷ ইয়াৰ সমান্তৰালকৈ অৰুণাচল প্রদেশৰ সীমান্তত গাঁৱকে ধৰি আন্তঃগাঁথনি নির্মাণ কৰি ভাৰতৰ প্রতি ভাবুকি নমাই আনিছে৷ ৰঙা চীনে আন্তর্জাতিক সীমান্তত আগ্রাসী পদক্ষেপ লৈ ভাৰতৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ সময়তে এইবাৰ প্রত্যাহ্বান জনাই বিবদমান গালৱান উপত্যকাত উৰুৱালে ৰঙা চীনৰ পতাকা৷
চীনৰ এই আগ্রাসী পদক্ষেপ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখনক আক্রমণৰ লক্ষ্য কৰি লৈছে কংগ্রেছে৷ কংগ্রেছৰ নেতা ৰাহুল গান্ধীয়ে টুইটযোগে গালৱানত চীনৰ আগ্রাসনক লৈ প্রধানমন্ত্রীক নীৰৱতা ভংগ কৰিবলৈ দাবী জনাইছে৷ ৰাহুল গান্ধীয়ে টুইটত কয়– গালৱানত আমাৰ ত্রিৰংগা দেখিবলৈ ভাল লাগিছে৷ চীনৰ এই কার্যৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত৷ মোদীজীয়ে নীৰৱতা ভংগ কৰক৷ ইপিনে, আন্তর্জাতিক সীমান্তত চলি থকা বিবাদ কূটনৈতিক আৰু সামৰিক পর্যায়ৰ আলোচনাৰে সুমীমাংসা কৰাৰ আগ্রহ প্রকাশ কৰি থকাৰ পাছতো চীনৰ শেহতীয়া পদক্ষেপক লৈ উদ্বিগ্ণ হৈছে ভাৰত৷
লাডাখৰ পাংগং হ্রদত দলং সাজিছে চীনে
লাডাখৰ পূব প্রান্তৰ পাংগং হ্রদৰ এটা অংশত দলং সাজিছে চীনে৷ কৃত্রিম উপগ্রহৰ দ্বাৰা সংগৃহীত আলোকচিত্রত পাংগং হ্রদৰ ওপৰত চীনে দলং নির্মাণ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ জি’ ইণ্টেলিজেঞ্চ বিশেষজ্ঞ ডেমিয়েন ছাইমনে প্রকাশ কৰা মতে লাডাখৰ পূব প্রান্তৰ পাংগং হ্রদত চীনে দলং সাজিছে৷ অৱশ্যে এই দলং চীনৰ ভূখণ্ডৰ ভিতৰত পৰা হ্রদৰ অংশত নির্মাণ কৰিছে৷ এই দলংখনেৰে হ্রদটোৰ দুয়োপাৰ সংযুক্ত কৰি চীনৰ সেনাৰ অবাধ চাল–চলন বৃদ্ধি কৰি যাতায়াত সুচল কৰি তুলিব৷ মন কৰিবলগীয়া যে বিগত বর্ষত পাংগং হ্রদৰ দক্ষিণৰ দাঁতিত কৈলাশ ৰেঞ্জত ভাৰতীয় সেনাই বাহৰ পাতি চীনৰ কার্যকলাপ ৰোধ কৰাৰ চেষ্টা চলাইছিল৷