নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ স্বার্থত ব্যৱহৃত ১.৭ লাখ টুইটাৰ একাউণ্ট বন্ধ

নিয়মীয়া বাৰ্তা ১৩ জুনঃ ছ’চিয়েল মিডিয়া প্লেটফর্ম টুইটাৰে চীনৰ সমর্থনত বিভিন্ন বার্তা বিনিময় কৰি থকা ১ লাখ ৭০ হাজাৰ একাউণ্ট বন্ধ কৰি দিছে৷ কালি টুইটাৰে এই কথা সদৰী কৰিছে৷ এই একাউণ্টসমূহৰ পৰা বিভিন্ন সময়ত হংকঙৰ প্রতিবাদ, ক’ভিড–১৯ সংকট আৰু অন্যান্য বিষয়ত চীনক সমর্থন জনাই প’ষ্ট আগবঢ়োৱা হৈছিল৷ চি এন এনে প্রকাশ কৰা প্রতিবেদন অনুসৰি টুইটাৰৰ কেইবাগৰাকীও বিষয়াই দীর্ঘদিন ধৰি এই একাউণ্টসমূহৰ ওপৰত নিৰীক্ষণ চলাইছিল৷ ইয়াৰ পিছতে প্রায়বোৰ একাউণ্টতে চীনৰ ভূ–ৰাজনৈতিক স্বার্থত বার্তা বিনিময় কৰা বুলি নিশ্চিত কৰিছে বিশেষজ্ঞসকলে৷ গতিকে ছ’চিয়েল মিডিয়া প্লেটফর্মৰ নীতি উলংঘা কৰা এনেধৰণৰ প’ষ্টক সমর্থন জনোৱা নহ’ব বুলি টুইটাৰে স্পষ্ট কৰি দিয়ে৷ ইয়াৰ পিছমুহূর্ততে বিলুপ্তি ঘটোৱা হয় এই একাউণ্টবোৰৰ৷ লক্ষণীয়ভাৱে চীনত চৰকাৰীভাৱে টুইটাৰত প্রতিৰোধ লগাই থোৱা হৈছে৷ কিন্তু ভি পি এন সংযোগৰ জৰিয়তে দেশখনৰ জনসাধাৰণে ছ’চিয়েল মিডিয়া প্লেটফর্মটোৰ জৰিয়তে বার্তা বিনিময়ৰ সুযোগ লাভ কৰি আহিছে৷ বিভিন্ন সময়ত ছ’চিয়েল মিডিয়া প্লেটফর্মবোৰ চীনৰ স্বার্থত কৌশলেৰে ব্যৱহাৰ হোৱা বুলি অভিযোগ কৰি আহিছে আমেৰিকা, ইউৰোপ আৰু অষ্ট্রেলিয়াই।

You might also like