লাডাখত ১৯৯৩–৯৬, ২০১৩ৰ চুক্তি উলংঘন চীনৰ
নিয়মীয়া বাৰ্তা ১৮ জুনঃ পাঁচটা দশকৰ ভিতৰত বৃহত্তম সামৰিক সংঘাত হিচাপে চর্চিত লাডাখৰ গালৱান উপত্যকাত চীনৰ আগ্রাসনে ১৯৯৩, ১৯৯৬ আৰু ২০১৩ চনৰ সীমান্ত চুক্তি উলংঘন কৰিছে৷ যোৱা সোমবাৰে লাডাখত চীনে ভাৰতীয় সৈন্যৰ ওপৰত আক্রমণ চলাই দেশখনে ১৯৯৩, ১৯৯৬ আৰু ২০১৩ চনৰ সীমান্ত চুক্তি উলংঘন কৰিছে৷ বিবাদিত এল এ চিত শান্তি আৰু সমতা বর্তাই ৰখাৰ বাবে উল্লিখিত তিনিওখন দ্বিপাক্ষিক চুক্তি সম্পন্ন কৰা হৈছিল৷ কিন্তু চীনে এইক্ষেত্রত এই চুক্তিক উলংঘন কৰি আগ্রাসী ভূমিকা লৈছে৷ কার্যতঃ গালৱান উপত্যকা দখলৰ লক্ষ্যৰে চীনে তিনিওখন চুক্তি উলংঘন কৰিছে৷ ১৯৯৩ চনৰ চুক্তি অনুসৰি উক্ত অঞ্চলটোত অতিক্রম কৰি কোনো পক্ষই কার্যকলাপ নকৰে৷ কিবা কাৰণত যদি সেনা জোৱানে সেই অঞ্চল অতিক্রম কৰে, তেতিয়াহ’লে তেওঁক শীঘ্রেই ওভতাই নিয়া হয়৷ প্রয়োজন সাপেক্ষে দুয়ো দেশে মিলি এল এ চি নিৰীক্ষণ কৰাৰ নিয়ম আছিল৷ ১৯৯৬ চুক্তি অনুসৰি যদি দুয়োপক্ষৰ জোৱানৰ মাজত সমুখাসমুখী হয়, তেনেহ’লে সংযম ৰক্ষা কৰি পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়৷ তেনেদৰে ২০১৩ চুক্তি অনুসৰি দুয়োপক্ষই উক্ত বিবাদিত অঞ্চলত কোনো পহৰা কিম্বা কার্যকলাপৰ পৰা বিৰত থকাৰ সিদ্ধান্তত উপনীত হৈছিল৷