নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ শতাংশ শিক্ষার্থীৰ উপস্থিতিৰে চীনৰ শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ বিশ্বৰ বিভিন্ন দেশত ক’ৰোনাৰ সংহাৰী ৰূপ অধিক ভয়াৱহ হৈ পৰাৰ সময়তে এই মাৰাত্মক ভাইৰাছৰ উৎপত্তিৰ অভিকেন্দ্র চীনত আজিৰ পৰা শিক্ষানুষ্ঠানসমূহত সম্পূর্ণৰূপে পাঠ গ্রহণ কৰিবলৈ লৈছে ছাত্র–ছাত্রীসকলে৷ যোৱা দুটা সপ্তাহত দেশখনত ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীত এজনো লোক নতুনকৈ সংক্রমিত হোৱা নাই৷

গতিকে বিদ্যালয়সমূহত ১০০ শতাংশ ছাত্র–ছাত্রীৰ উপস্থিতিৰে পাঠদানৰ সিদ্ধান্ত লোৱা হৈছে৷ স্মর্তব্য যে ইতিপূর্বে চীনৰ শিক্ষানুষ্ঠানত ৭৫ শতাংশ ছাত্র–ছাত্রী উপস্থিত হৈছিল৷ কিন্তু ক’ভিড–১৯ৰ সংক্রমণ বন্ধ হোৱাৰ লগে লগে ১০০ শতাংশ ছাত্র–ছাত্রীক বিদ্যালয়ত উপস্থিত হোৱাৰ সুযোগ দিছে চৰকাৰে৷ যোৱা বছৰ মধ্য চীনৰ চহৰ য়ুহানত প্রথম ক’ভিড–১৯ৰ সংক্রমণ ঘটিছিল৷

এই মাৰাত্মক ভাইৰাছৰ সংক্রমণৰ অভিকেন্দ্র হিচাপে চিহ্ণিত হৈছিল য়ুহান৷ চীনত ক’ভিড–১৯ মহামাৰীত ৮৫,০৫৮গৰাকী লোক সংক্রমিত হোৱাৰ উপৰি ৪,৬৩৪গৰাকীয়ে প্রাণ হেৰুৱাইছে৷ স্মর্তব্য যে চীনত ক’ভিড–১৯ত অভ্যন্তৰৰ কোনো লোক বিগত দুসপ্তাহত সংক্রমিত হোৱা নাই যদিও বিদেশৰ পৰা উভতি অহা কেইবাজনো লোক আক্রান্ত হোৱাৰ তথ্য প্রকাশ কৰিছে ৰাষ্ট্রীয় স্বাস্থ্য আয়োগে৷

You might also like