নিয়মীয়া বাৰ্তা, ১৩ মে’ : উত্তৰ ছিকিমত শনিবাৰে নাকুলা ছেক্টৰত ভাৰত–চীনৰ সেনাৰ সংঘর্ষৰ দুদিন পিছতে পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে লাডাখ সীমান্তত ৷ চৰকাৰী সূত্র মতে, লাডাখ সীমান্তত এখন চীনৰ হেলিকপ্টাৰ প্রৱেশ কৰাৰ পাছতেই ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমানে চীনৰ সেই হেলিকপ্ঢাৰখন খেদি পঠিয়ায় ৷ ইয়াৰ পাছতে ভাৰতীয় বায়ুসেনাই উক্ত অঞ্চলত নিৰীক্ষণ তীব্রতৰ কৰি তোলে ৷ সূত্র মতে চীনৰ সেনা হেলিকপ্ঢাৰখনে লাডাখ সীমান্তৰ একেবাৰে কাষলৈকে আহিছিল ৷ এই ঘটনাৰ পাছতে ভাৰতীয় বায়ুসেনাই বিমানৰ জৰিয়তে অঞ্চলটোত পেট্র’লিং অব্যাহত ৰাখিছে৷ উল্লেখ্য যে লাডাখ অঞ্চলত ভাৰত আৰু চীনৰ সেনাৰ মাজত প্রায়ে মুখামুখি সংঘাতৰ সৃষ্টি হৈ আহিছে৷ ২০১৭ চনৰ ডোকলামৰ সীমান্ত বিবাদৰ পাছত দুয়ো দেশৰ সেনাৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷