নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনলৈ সৰবৰাহ ১,৩০০ ভাৰতীয় ছিম কার্ড; পশ্চিমবংগত ভাৰত–বাংলাদেশ সীমান্তত গ্রেপ্তাৰ চীনা নাগৰিক

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ ভাৰত–বাংলাদেশ সীমান্ত পশ্চিমবংগৰ মালদা জিলাত গ্রেপ্তাৰ কৰা হান জুনৱে নামৰ চীনৰ নাগৰিকজনক সোধা–পোছাৰ বাবে ৬ দিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ কৰা হৈছে৷

বিএছএফে নিয়মীয়া টহলৰ সময়ত বাংলাদেশৰ পৰা ভাৰতলৈ অনুপ্রৱেশ কৰিবলৈ চেষ্টা কৰোঁতে গ্রেপ্তাৰ কৰা চীনৰ নাগৰিক হান জুনৱে ১,৩০০ ভাৰতীয় ছিম কার্ড চীনলৈ সৰবৰাহ কৰা বুলি সোধা–পোছাত স্বীকাৰ কৰিছে৷

উল্লেখ্য যে ধৃত চীনৰ নাগৰিকজনক প্রাৰম্ভিক সোধা–পোছা কৰাৰ অন্তত বিএছএফে স্থানীয় আৰক্ষীক চমজাই দিয়ে৷ আৰক্ষীয়ে ধৃত লোকজনক সোধা–পোছা কৰি এই কথা নিশ্চিত হয় যে লোকজনে ভাৰতৰ পৰা ভুৱা তথ্যৰে ছিম কার্ড সংগ্রহ কৰি চীনলৈ সৰবৰাহ কৰে৷

চীনৰ হুবেই চহৰৰ বাসিন্দা জুনৱে উত্তৰ প্রদেশৰ গুৰুগ্রামত হোটেলৰ ব্যৱসায় কৰে৷ জুনৱে এই হোটেলৰ লগতে দেশৰ প্রান্তে প্রান্তে চীনৰ চোৰাংচোৱাৰ কাম কৰি আছে৷

You might also like