নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ আগন্তুক ২৮ অক্টোবৰৰ পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নির্বাচনৰ পূর্বে বিজেপিৰে মতানৈক্য তীব্রতৰ হৈছে এল জে পিৰ৷ ইতিমধ্যে নির্বাচনত অকলে প্রতিদ্বন্দ্বিতা আগবঢ়োৱা এল জে পিক শেহতীয়াকৈ কঠোৰ সমালোচনা কৰিছে বিজেপিয়ে৷
বিজেপিৰ এই সমালোচনাৰ পিছতে কালি এল জে পিৰ মুৰব্বী চিৰাগ পাছোৱানে নিজৰ প্রতিক্রিয়া প্রকাশ কৰি কৈছে যে বিজেপিয়ে কেৱল মর্চাৰ ধর্ম ৰক্ষা কৰিছে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰৰ জে ডি(ইউ)ৰ ক্ষেত্রত৷ জে ডি(ইউ)কহে বিজেপিয়ে এন ডি এৰ অংশীদাৰ বুলি স্বীকৃতি দি অহা কথাও উল্লেখ কৰে চিৰাগে৷
প্রধানমন্ত্রী মোদীৰ সৈতে থকা সম্পর্কৰ বিষয়টো তেওঁ প্রদর্শন কৰিব বিচৰা নাই বুলি উল্লেখ কৰি পিতৃ হাস্পতালত থকাৰে পৰা মোদীয়ে কেনেধৰণে তেওঁক সহায় কৰিছে সেই কথা তেওঁ কেতিয়াও পাহৰিব নোৱাৰে বুলিও উল্লেখ কৰিছে৷
কিন্তু নীতিশ কুমাৰে বিজেপিৰ সৈতে এই সম্পর্ক ধ্বংস কৰাৰ প্রচেষ্টা চলোৱা বুলিও নেতাগৰাকীয়ে ক্ষোভ উজাৰিছে৷ শেহতীয়াকৈ বিজেপিয়ে মর্চাৰ ধর্ম পাহৰি যোৱা বুলি প্রতিক্রিয়া প্রকাশ কৰি ভৱিষ্যতে এন ডি এত ইয়াৰ বিৰূপ প্রভাৱ পৰিব বুলিও সতর্কবাণী কৰিছে৷