নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ দিনা কৃষকৰ ট্রেক্টৰ সমদলত হিংসাত্মক কার্যকলাপ সংঘটিত হোৱাৰ পাছতেই নতুন দিল্লীৰ সীমান্তত বাহৰ পাতি থকা প্রতিবাদী কৃষকক লৈ কঠোৰ হৈছে আৰক্ষী৷ কালি দিল্লীৰ সিংঘু সীমান্তত প্রতিবাদী কৃষকক আঁতৰি যাবলৈ স্থানীয় লোকে বিক্ষোভ প্রদর্শন কৰাৰ সময়ত দুই ফৈদৰ মাজত হোৱা সংঘাতত সৃষ্ট উত্তপ্ত পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা আৰু কন্দুৱা গেছ নিক্ষেপ কৰে৷ এই সময়ছোৱাতেই প্রতিবাদী কৃষকে আৰক্ষীক আক্রমণৰ লক্ষ্য কৰি লয়৷ প্রতিবাদকাৰী কৃষক এজনে আলিপুৰ এছ এইচ অ’ক চোকা তৰোৱালেৰে আক্রমণ কৰাত আহত হয় এছ এইচ অ’জন৷ এই আক্রমণত জড়িত মূল ব্যক্তিজনৰ লগতে ৪৪জনক আজি দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ চোকা তৰোৱালেৰে এছ এইচ অ’ক আক্রমণকাৰীজনক ২২ বছৰীয়া ৰঞ্জিত সিং বুলি আৰক্ষীয়ে প্রকাশ কৰিছে৷
উল্লেখ্য যে দিল্লী সীমান্ত মুকলি কৰি দিবলৈ প্রতিবাদী কৃষকক দাবী জনাই কালি ২০০তকৈ অধিক স্থানীয় লোক উপস্থিত হোৱাৰ পাছতেই দুয়োপক্ষৰ মাজত সংঘর্ষ হয়৷ আনপিনে ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে কালি কন্দনৰত অৱস্থাত আন্দোলন অব্যাহত ৰাখিব বুলি ঘোষণা কৰা ভিডি’ই টিকাইটৰ জন্মগাঁৱত ক্ষোভৰ উদ্গিৰণ ঘটায়৷ গাঁওখনত কেইবাসহস্র লোক উপস্থিত হৈ মহাপঞ্চায়তেৰে ৰাকেশ টিকাইটৰ সমর্থনত থিয় দিয়ে আৰু হাজাৰ হাজাৰ কৃষক দিল্লী সীমান্তলৈ প্রতিবাদৰ বাবে ৰাওনা হোৱাৰ পণ লয়৷ এই ঘটনাৰ পাছতেই আৰক্ষীয়ে দিল্লী সীমান্তত কঠোৰ স্থিতি গ্রহণ কৰি সীমান্তকে ধৰি চুবুৰীয়া অঞ্চলত দুদিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে৷
শুকুৰবাৰে হাৰিয়ানা চৰকাৰে ১৪খন জিলাত ৩০ জানুৱাৰীৰ বিয়লি ৫ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ পাছত আজি ইণ্টাৰনেট সেৱা ৩১ জানুৱাৰীৰ নিশা ১১ বজালৈ বন্ধ ঘোষণা কৰিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ মন্ত্রালয়ৰ বিবৃতি অনুসৰি দিল্লীৰ সিংঘু, গাজীপুৰ আৰু টিক্রী সীমান্তকে ধৰি সংযুক্ত অঞ্চলত ৩১ জানুৱাৰীৰ নিশা ১১ বজালৈকে ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ থাকিব৷