নৱেম্বৰত দেশত জটিল হ’ব ক’ৰোনা পৰিস্থিতি
নিয়মীয়া বাৰ্তা ১৫ জুনঃ ভাৰতত ক’ৰোনা পৰিস্থিতি তুংগত উঠিব নৱেম্বৰ মাহৰ মাজভাগত৷ সেই সময়খিনিত আইছ’লেচন ৱার্ড, আইচিইউ বিছনা আৰু ভেণ্টিলেটৰৰ অভাৱক লৈ জটিল সমস্যাৰ সৃষ্টি হ’ব৷ আইচিএমআৰৰ অপাৰেচনছ ৰিছার্চ গ্রুপে চলোৱা এক অধ্যয়নত এই সতর্কবাণী দিয়া হৈছে৷ অধ্যয়নৰ প্রতিবেদন মতে আঠ সপ্তাহজোৰা লকডাউনৰ ফলত ক’ভিড–১৯ বিয়পি পৰাত ৩৪ৰ পৰা ৭৬ দিন বিলম্বিত হৈছিল৷ এইক্ষেত্রত জনস্বাস্থ্যৰ ক্ষেত্রত গ্রহণ কৰা ব্যৱস্থাৰো অৰিহণা আছিল৷ ফলত সংক্রমণৰ হাৰ ৬৯ৰ পৰা ৯৭ শতাংশ পর্যন্ত হ্রাস পাইছিল৷ কিন্তু লকডাউনে সম্পূর্ণৰূপে ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধ কৰিব পৰা নাই৷ বর্তমান ব্যাপক হাৰত দেশত ক’ৰোনা সংক্রমিত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে আৰু এই ধাৰা কেইবামাহলৈ অব্যাহত থাকিব৷ ইয়াৰ পূর্বে আন এক অধ্যয়নত সতর্ক কৰি দিয়া হৈছিল যে ভাৰতত জুলাই–আগষ্টত ক’ৰোনাই জটিল ৰূপ ধাৰণ কৰিব৷ ইটালীৰ ইউনিভার্ছিটী অৱ ফ্ল’ৰেঞ্চৰ লগতে কেইবাখনো আগশাৰীৰ প্রতিষ্ঠানৰ বিজ্ঞানীয়ে ক’ভিড–১৯ৰ তিনিটা পর্যায় চিনাক্ত কৰা বুলি দাবী কৰি চিকিৎসকসকলক উপসর্গ অনুযায়ী চিকিৎসা ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছে৷ বিজ্ঞানীকেইজনৰ মতে প্রথম পর্যায়ত ৰোগীৰ দেহত এই মাৰাত্মক ভাইৰাছবিধৰ সংখ্যা বৃদ্ধি হোৱাৰ প্রক্রিয়া চলি থাকে আৰু এই সময়খিনিত মজলীয়া লক্ষণ দেখিবলৈ পোৱা যায়৷ প্রায়েই সাধাৰণ ফ্লু হোৱা বুলি ভুল ধাৰণাৰ সৃষ্টি হয়৷ দ্বিতীয় পর্যায়ত ৰোগীৰ ৰোগ প্রতিৰোধ ক্ষমতা হ্রাস পাবলৈ আৰম্ভ হয় আৰু সংক্রমণে জটিল ৰূপ ধাৰণ কৰে৷ এই সময়খিনিত কাহৰ প্রকোপ বৃদ্ধি পোৱাৰ লগতে শৰীৰত অক্সিজেনৰ পৰিমাণ হ্রাস পায় আৰু উশাহ–নিশাহ লোৱাত কষ্ট হয়৷ তদুপৰি বহু ৰোগীৰ ক্ষেত্রত তেজ গোট মৰা পৰিলক্ষিত হয়৷ তৃতীয় পর্যায়টো হ’ল আটাইতকৈ গুৰুতৰ৷ এই পর্যায়ত হঠাৎ ৰোগ প্রতিৰোধ ক্ষমতা অস্বাভাৱিকভাৱে বৃদ্ধি পায় আৰু ৰোগীৰ হূৎপিণ্ড, বৃক্ক আৰু অন্য অংগত প্রভাৱ পৰে৷ ছাইটোকাইন ষ্টর্ম শীর্ষক এই অৱস্থাটোত ৰোগীৰ নিজৰ কোষেই শৰীৰৰ অনিষ্ট কৰে৷ বিজ্ঞানীকেইজনৰ মতে এজন ৰোগীৰ ক্ষেত্রত এই পর্যায়কেইটা সঠিকভাৱে চিনাক্ত কৰিলে উপযুক্ত চিকিৎসা প্রদান কৰাটো সম্ভৱ হ’ব৷ লক্ষণীয় যে এইপর্যন্ত ক’ভিড–১৯ৰ ঔষধ আৱিষ্কাৰ হোৱা নাই আৰু সেয়ে ভেকচিন প্রস্তুতৰ প্রক্রিয়াটো ত্বৰান্বিত কৰাৰ চেষ্টা চলাই আছে কেইবাটাও ঔষধ প্রস্তুতকাৰক প্রতিষ্ঠানে৷ সুখবৰ যে মডার্না নামৰ মার্কিন প্রতিষ্ঠানটোৱে তেওঁলোকৰ ভেকচিনৰ তৃতীয় তথা অন্তিম পৰীক্ষামূলক প্রয়োগ শীঘ্রে আৰম্ভ কৰিব৷ মডার্নাৰ ভেকচিন চলিত বর্ষৰ শেষ ভাগত সামাজিকভাৱে প্রয়োগ কৰা হ’ব বুলি আশা প্রকাশ কৰা হৈছে৷
ইপিনে, নতুন দিল্লীত শেহতীয়াকৈ দ্রুতগতিত সংক্রমণৰ হাৰ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত উচ্চতম ন্যায়ালয়ে উদ্বেগ ব্যক্ত কৰাৰ পিছত কেন্দ্রীয় চৰকাৰে দিল্লী চৰকাৰক সকলো প্রকাৰে সহযোগিতা আগবঢ়োৱাৰ তৎপৰতা চলাইছে৷ দিল্লীৰ লগতে হাৰিয়ানা আৰু উত্তৰ প্রদেশৰ একাংশ অঞ্চলত ক’ৰোনাৰ সংক্রমণ সন্দর্ভত আলোচনা কৰিবলৈ কাইলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে৷ উল্লেখ্য যে ভাৰতত আজিৰ দিনটোত ১১ হাজাৰৰো অধিক লোক সংক্রমিত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩১৫ ক’ৰোনা ৰোগী৷ ইয়াৰ পূর্বে আজি শ্বাহে দিল্লীৰ লেফটেনেণ্ট জেনেৰেল অনিল বাইজাল আৰু মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ সৈতে এক বৈঠকত মিলিত হয়৷ বৈঠকৰ পাছতে শ্বাহে কেন্দ্রৰ চাৰিজনকৈ আইএএছ বিষয়াক ক’ৰোনা পৰিস্থিতিৰ বিশেষ দায়িত্বত দিল্লীলৈ বদলি কৰে৷ তাৎপর্যপূর্ণভাৱে কেজৰিৱালে কয় যে অমিত শ্বাহৰ সৈতে বৈঠকত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত হৈছে৷ এই সিদ্ধান্তও লোৱা হৈছে যে কেন্দ্র আৰু দিল্লী চৰকাৰে ক’ৰোনা পৰিস্থিতিৰ সৈতে সংঘবদ্ধভাৱে যুঁজ দিব৷ মহামাৰীৰ বিশেষজ্ঞসকলে ইয়াৰ মাজতে পৰামর্শ দিছে যে এই মুহূর্তত সংক্রমণতকৈ মৃত্যুৰ হাৰ নিয়ন্ত্রণ কৰাত চৰকাৰে গুৰুত্ব দিব লাগে৷ ভাৰতত বর্তমান মৃত্যুৰ হাৰ হ’ল ২.৮৬ শতাংশ, যিটো আন্তঃৰাষ্ট্রীয় পর্যায়ত হোৱা অভিজ্ঞতাৰ তুলনাত যথেষ্ট আশাপদ৷ কিন্তু পূর্বে ক’ৰোনাৰ প্রভাৱ নপৰা অঞ্চলসমূহলৈ দ্রুতগতিত সংক্রমণ বৃদ্ধি পোৱাটো অত্যন্ত উদ্বেগৰ বিষয় বুলি মহামাৰীৰ বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷ ইফালে, দিল্লীত আইছ’লেচনৰ ব্যৱস্থাত আহি পৰা জটিলতাৰ বাবে ৰে’লৱেই ২০০ৰো অধিক দবা প্রদান কৰিছে, যাতে ইয়াত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিব পাৰি৷ সমগ্র দেশতে পাঁচ হাজাৰৰো অধিক দবা আইছ’লেচনৰ বাবে ৰে’লৱেই আগবঢ়াব বুলি আজি প্রকাশ কৰা হয়৷