নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৬ টকা বৃদ্ধি

নিউজ ডেস্ক, ২ মার্চ : পুনৰ বৃদ্ধি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম৷ অৱশ্যে ঘৰুৱা ১৪ কেজিৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱা নাই৷ কালিৰে পৰা ১৯ কেজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৬ টকাকৈ বৃদ্ধি কৰা হৈছে৷ ইয়াৰ ফলত মধ্যবিত্তৰ সমস্যা বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে৷ এলপিজি সৰবৰাহকাৰী সংস্থাবোৰে জনোৱা অনুসৰি, এই চিলিণ্ডাৰৰ দাম দিল্লীত প্রতিটোৰ মূল্য ১,৮০৩ টকা হৈছে৷ কলকাতাত এই চিলিণ্ডাৰৰ দাম ১,৯১৩ টকা হৈছে৷ ইফালে, মুম্বাইত প্রতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম হৈছে ১,৭৫৫ টকা৷ চেন্নাইত বাণিজ্যিক চিলিণ্ডাৰৰ নতুন মূল্য হৈছে ১,৯৬৫ টকা৷ বিশ্ব বজাৰৰ সৈতে সামঞ্জস্য ৰাখি প্রতি মাহতে নতুনকৈ বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ দাম নির্ধাৰণ কৰা হৈছে৷

You might also like