বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ২৬৬ টকা বৃদ্ধি
নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ ঘৰুৱা ৰন্ধন গেছৰ পাছত এইবাৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ২৬৬ টকা বৃদ্ধি কৰিলে৷ ৰাজহুৱা খণ্ডৰ তেল বিতৰণ কোম্পানীয়ে বিবৃতিযোগে সোমবাৰৰ পৰা প্রতিটো বাণিজ্যিক ১৯ কেজি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ২৬৬ টকা বৃদ্ধি কৰিলে৷ এই বৃদ্ধিৰ পৰিপ্রেক্ষিতত আজিৰে পৰা প্রতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যই দুই হাজাৰ টকা অতিক্রম কৰিলে৷ আজিৰে পৰা দেশৰ ৰাজধানী নতুন দিল্লীত ১৯ কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২,০০০.৫০ টকা হ’ল৷ ইয়াৰ পূর্বে প্রতিটো চিলিণ্ডাৰত আছিল ১,৭৩৪ টকা৷
তেনেদৰে বাণিজ্যিক ৰাজধানী মুম্বাইত চলিত ১,৮০৩ টকাৰ ঠাইত সোমবাৰৰ পৰা প্রতিটো চিলিণ্ডাৰৰ মূল্য হ’ল ২,০৭৩.৫০টকা৷ কলকাতাত প্রতিটো চিলিণ্ডাৰত ২,১৩৩ টকা (পূর্বতে আছিল ১,৮৬৫ টকা) আৰু হায়দৰাবাদত ২,১৭৫ টকা (পূর্বতে আছিল ১,৯০৫ টকা)৷ উল্লেখ্য যে ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে দেশৰ চহৰভেদে বর্ধিত মূল্য পৃথক পৃথক কৰিছে৷ এইমর্মে ২৬৬ৰ পৰা ২৭০ টকালৈ বৃদ্ধি হৈছে৷ দেশৰ ভিতৰত সর্বাধিক মূল্য হ’ব হায়দৰাবাদ আৰু কলকাতাত৷ মন কৰিবলগীয়া যে পূর্বৰ ইউ পি এ চৰকাৰৰ কার্যকালত ২০১৪ চনৰ ১ জানুৱাৰীত প্রতিটো চিলিণ্ডাৰৰ মূল্য ৩৫৩ টকাকৈ বৃদ্ধি কৰা হৈছিল৷ কেন্দ্রত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ কার্যকালত ঘৰুৱা ৰন্ধন গেছ, ইন্ধন আৰু বাণিজ্যিক ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাই আহিছে৷ চলিত বর্ষৰ ১ ফেব্রুৱাৰীত বাণিজ্যিক ৰন্ধন গেছৰ প্রতিটো চিলিণ্ডাৰত ১৯০ টকা বৃদ্ধি কৰা হৈছিল৷ গুৰুত্বপূর্ণ যে দীপাৱলীৰ প্রাক্ক্ষণত ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে ঘৰুৱা ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ পৰা বিৰত থাকিল৷
ৰাজ্যত ৰন্ধন গেছৰ নাটনিৰ সম্ভাৱনা
বাণিজ্যিক এল পি জিৰ মূল্যবৃদ্ধিক লৈ সৃষ্টি হোৱা প্রতিক্রিয়াৰ মাজতে সোমবাৰৰ পৰা উত্তৰ গুৱাহাটী এল পি জি বটলিং প্রকল্পত সাধাৰণ শ্রমিকে আৰম্ভ কৰিছে ধর্মঘট৷ কার্যতঃ বটলিং প্রকল্পৰ কাম–কাজ বন্ধ হৈ পৰাত ভয়াৱহ ৰন্ধন গেছৰ নাটনিয়ে দেখা দিয়াৰ সম্ভাৱনা দেখা দিছে৷ উল্লেখ্য যে উত্তৰ গুৱাহাটী এল পি জি ট্রেন্সপ’টার্ছ এছ’চিয়েচনে তেওঁলোকৰ মজুৰি বৃদ্ধি, স্বাস্থ্য সেৱাকে ধৰি কেইবাটাও দীর্ঘদিনীয়া দাবী পূৰণৰ বাবে হেঁচা দি আহিছে যদিও কর্তৃপক্ষই এনে বিষয়সমূহ এৰাই চলিছে৷ ইয়াৰ প্রতিবাদতে ৰন্ধন গেছ প্রকল্পৰ পৰিবহণ সেৱা অনির্দিষ্টকাললৈ বন্ধ কৰি ধর্মঘটত নামি পৰিছে ট্রেন্সপ’টার্ছ এছ’চিয়েচন৷ অইল কর্তৃপক্ষৰ গুৰুত্বহীনতাৰ প্রতিবাদত আৰম্ভ কৰা এই ধর্মঘটৰ ফলত বটলিং প্লাটৰ ভিতৰত ১,৫০০খনৰো অধিক ৰন্ধন গেছ কঢ়িওৱা বাহন আবদ্ধ হৈ পৰিছে৷ পূর্বতে এছ’চিয়েচনে একেই দাবীৰে ধর্মঘট কৰি প্রকল্পটোৰ কাম–কাজ অচল কৰি দিছিল৷ যাৰ পৰিপ্রেক্ষিতত অইল কর্তৃপক্ষই এছ’চিয়েচনৰ দাবী পূৰণৰ আশ্বাস দিছিল যদিও পৰৱর্তী সময়ত এই দিশত মূৰ পোলোকা মাৰে কর্তৃপক্ষই৷ সেয়েহে এইবাৰ ট্রেন্সপ’টার্ছ এছ’চিয়েচনে দাবী পূৰণ নোহোৱা পর্যন্ত ধর্মঘট অব্যাহত ৰাখিব বুলি স্পষ্ট কৰি দিছে৷ ইফালে, শ্রমিকৰ এনে ধর্মঘটৰ ফলত ৰাজ্যত ঘৰুৱা ৰন্ধন গেছৰ নাটনিয়ে দেখা দিয়াৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷