নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিকাকৰণৰ পিছতেই দ্ৰুতগতিত বৃদ্ধি পাইছে কণ্ডমৰ বিক্ৰী

নিয়মীয়া বাৰ্তা ৭ মেঃ  কভ্যাক্সিন, কভিশিল্ড, স্পুটনিকৰ পৰা ফাইজাৰ কৰোনা ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ একাধিক ভেকছিন মুকলি কৰা হৈছে। পৃথিৱীৰ বহুলোকে ভেকছিনৰ প্ৰতিষেধক গ্ৰহণ কৰিছে। যাৰ পৰিপেক্ষিতত স্বাভাৱিক ভাৱে যৌন জীৱনলৈ ঘূৰাই আনিবলৈ বহুতে সাহস কৰিছে। ফলস্বৰূপে, কণ্ডমৰ বিক্ৰী বৃদ্ধি তীব্ৰ গতিত হ’বলৈ ধৰিছে। এক আন্তৰ্জাতিক অধ্যয়নত এনে তথ্য পোহৰলৈ আহিছে।

অধ্যয়নটো পৰিচালনা কৰা ব্যক্তিগত প্ৰতিষ্ঠানটোৰ গৱেষকসকলে প্ৰতিবেদন দিছিল যে কেৱল কণ্ডমেই নহয় যৌন পুতলাৰ বিক্ৰীও বহুগুণে বৃদ্ধি পাইছে। মানুহে যোৱা বছৰৰ তুলনাত প্ৰায় দুগুণ হাৰত কণ্ডম আৰু যৌন পুতলা ক্ৰয় কৰি আছে। বেছিভাগেই অনলাইন বিতৰণৰ জৰিয়তে হয়। আৰু গৱেষকসকলে বিশ্বাস কৰে যে এইটো ভেকছিনৰ আৰম্ভণিৰ কাৰণে হৈছে।

খবৰ অনুসৰি যোৱা বছৰৰ শেষৰ ফালৰ পৰা কণ্ডম আৰু যৌন পুতলাৰ বিক্ৰী বৃদ্ধি হোৱা আৰম্ভ হৈছিল। ইউৰোপ, আমেৰিকা যুক্তৰাজ্য আৰু চীনত এইবোৰ প্ৰাপ্তবয়স্ক সামগ্ৰীৰ বিক্ৰী হাৰ সৰ্বাধিক।

গৱেষকসকলে বিশ্বাস কৰে যে বহুতে কভিড-১৯ ভাইৰাছৰ ভয়ত ঘৰৰ বাহিৰত শাৰীৰিক সম্পৰ্কত লিপ্ত হোৱা নাছিল। যাৰ ফলত কণ্ডমৰ বিক্ৰী যথেষ্ট হ্ৰাস পাইছিল। লকডাউন শিথিল হোৱাৰ পিছতো বহুতে মাৰাত্মক ভাইৰাছৰ ভয়ত সহবাসৰ পৰিহাৰ কৰি আছিল। গতিকে তেতিয়ালৈকে তেনে কোনো সমাধান নাছিল।

কিন্তু সাধাৰণ মানুহৰ বাবে ভেকচিন আৰম্ভ হোৱাৰ লগে লগে স্বাভাৱিক যৌন জীৱনৰ দিশে আগুৱাবলৈ কৰিলে। ফলস্বৰূপে, কণ্ডম বিক্ৰীৰ সংখ্যা লাহে লাহে বৃদ্ধি হ’বলৈ ধৰে।

You might also like