নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলোকে আচৰিত কন্যাৰ লগতে দৰাই পিন্ধিলে মঙ্গল সূত্ৰ

নিয়মীয়া বাৰ্তা ৭ মেঃ মঙ্গলসূত্ৰই এনে এক প্ৰতীক  যিকোনো দম্পত্তিক  জীৱনৰ অন্তিম সময়লৈকে সঙ্গী কৰি তোলে। এই মঙ্গল সূত্ৰ হৈছে বিবাহৰ প্ৰতীক আৰু পত্নীয়ে গোটেই জীৱন এইটো পিন্ধিব বিচাৰে যি স্বামী আৰু পত্নীৰ ইজনে সিজনৰ প্ৰতি থকা মৰম আৰু প্ৰতিশ্ৰুতি সূচায়।

মুম্বাইৰ এহাল দম্পতীয়ে তেওঁলোকৰ বিবাহৰ দিনা এক বাৰ্তা দিবলৈ আৰু পুৰুষতান্ত্ৰিক ৰীতি-নীতি ভাঙিবলৈ থিয় দিছিল। তেওঁলোক দুয়োজনে ইজনে সিজনৰ সৈতে মঙ্গলসূত্ৰ  বিনিময় কৰিছিল, যি সাধাৰণতে কইনাৰ ডিঙিত বান্ধি দিয়া হয় যি বিবাহসূচক বুজায়।

তনুজা আৰু শাৰ্দুলৰ প্ৰেমকাহিনী  কলেজত স্নাতক সম্পূৰ্ণ কৰাৰ চাৰি বছৰ পিছত আৰম্ভ হৈছিল, যেতিয়া তেওঁলোকে ইনষ্টাগ্ৰামত পুনৰ লগ পাইছিল ।  আৰু তেওঁলোকে ইজনে সি জনৰ লগত  প্ৰেমত পৰিছিল।

“২০২০ চনৰ ছেপ্টেম্বৰ মাহত, যেতিয়া মহামাৰীৰ প্ৰথম ঢৌ হ্ৰাস পাইছিল, তনুজা আৰু মই আমাৰ বিবাহৰ পৰিকল্পনা আৰম্ভ কৰিছিলো। তেতিয়াই মই তনুজাক কৈছিলো, ‘কেৱল এজনী ছোৱালীয়েহে মঙ্গলসূত্ৰ পিন্ধিব লাগিব কিয়? ইয়াৰ কোনো মানে নেই!’ আমি দুয়ো সমান আছিলোঁ, সেয়েহে মই ঘোষণা কৰিছিলো, ‘আনকি মই আমাৰ বিয়াৰ দিনা মঙ্গলসূত্ৰ পিন্ধিম!, শাৰ্দুলে কৈছিল এনেদৰে।   যিটো সিদ্ধান্ত তেওঁৰ মাক-দেউতাকক অলপ হতবাক কৰি তুলিছিল।

আত্মীয়সকলেও শাৰ্দুলক তেওঁৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন কৰিছিল, তেতিয়া শাৰ্দুলে কেৱল কন্যাই কিয় মঙ্গলসূত্ৰ পিন্ধিব সেই পৰম্পৰা উফৰাবলৈ মঙ্গল সূত্ৰ নিজে পিন্ধিব বুলি কৈছিল।

শাৰ্দুলে পুনৰ কয়, “বিয়াৰ দিনৰ আগতে তনুজাই মোক সুধিছিল, ‘এইটো এদিনৰ কাৰণে  হ’ব নে আপুনি প্ৰতিদিনে পিন্ধিব?’ আৰু মই ক’লো, ‘মই প্ৰতিদিনে পিন্ধিম!’।

কিন্তু শাৰ্দুলে এই সন্দৰ্ভত কয় যে ইয়াৰ ওপৰত বহু বিৰূপ প্ৰতিক্ৰিয়া আহিবলৈ ধৰে। কিন্তু তেওঁলোকে এইবোৰক একেবাৰে ভ্ৰুক্ষেপ কৰা নাই। কাৰণ তেওঁলোকৰ মতে পুৰুষ নাৰী সকলো সমান বুলি প্ৰতিষ্ঠা কৰিবলৈহে চেষ্টা কৰিছে।

বৰ্তমান শ্ৰাৰ্দুল আৰু তনুজাৰ কাহিনী খুবেই ভাইৰেল হৈছে আৰু তেওঁলোকক বহুতে সৰ্মথন কৰা দেখা গৈছে।

You might also like