নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ নেতা দিগ্বিজয় সিঙৰ বিৰুদ্ধে এজাহাৰ

নিয়মীয়া বাৰ্তা ১৬ জুনঃ মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানক সাঙুৰি এটা ভুৱা ভিডিঅ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ অভিযোগত কংগ্রেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে৷ ভূপাল আৰক্ষীৰ অপৰাধ শাখাই একাংশ বিজেপি নেতাৰ অভিযোগৰ ভিত্তিত জ্যেষ্ঠ কংগ্রেছী নেতাগৰাকীৰ বিৰুদ্ধে আজি গোচৰ ৰুজু কৰে৷ উল্লেখ্য যে মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে ভুৱা ভিডিঅটো শ্বেয়াৰ নকৰিবলৈ সর্বসাধাৰণক বাৰম্বাৰ আহ্বান জনাই থকাৰ পিছতো কংগ্রেছ নেতাগৰাকীয়ে টুইটাৰত বিতর্কিত ভিডিঅটো আপলোড কৰিছিল৷ ইয়াৰ পিছতে বিজেপিৰ একাংশ নেতাই দিগ্বিজয় সিঙৰ বিৰুদ্ধে ভূপাল আৰক্ষীৰ ওচৰত অভিযোগ উত্থাপন কৰে৷ সম্পাদিত ৰূপত প্রস্তুত কৰা ভুৱা ভিডি’টোৱে জনসাধাৰণক বিপথে পৰিচালিত কৰা বুলি উল্লেখ কৰি বিজেপিয়ে অভিযোগ উত্থাপন কৰে৷ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানেও ইয়াৰ পূর্বে জনসাধাৰণক সকীয়নি দিছিল যে ভিডি’টো শ্বেয়াৰ কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব৷ ইফালে, বিপদৰ উমান পাই কংগ্রেছ নেতাগৰাকীয়ে ভিডিঅটো টুইটাৰৰ পৰা ইতিমধ্যে ডিলিট কৰিছে৷ বিষয়টো সন্দর্ভত তেওঁ অৱশ্যে মন্তব্য প্রকাশৰ পৰা বিৰত আছে৷ মন কৰিবলগীয়া যে কংগ্রেছৰ জ্যেষ্ঠ মন্ত্রীগৰাকীয়ে সময়ে সময়ে বিভিন্ন বিতর্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰি আহিছে৷

You might also like