নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম লকডাউনৰ পৰা দ্বিতীয় লকডাউনৰ অন্তত তিনি গুণ বৃদ্ধি পালে ক’ৰোনা আক্রান্ত

নিয়মীয়া বাৰ্তা,  ৭ মে’ : ৩০ জানুৱাৰীৰ প্রথমটো ক’ৰোনা সংক্রমণৰ পাছত ১ মার্চলৈকে এমাহত ৩জন লোক সংক্রমিত হৈছিল৷ ১ মার্চৰ পৰা ১ এপ্রিললৈ দেশত সংক্রমণৰ সংখ্যা বৃদ্ধি পালে ২,০৫৯জনলৈ৷ আনহাতে, ১৩ মার্চত প্রথমজন ক’ৰোনাত আক্রান্তৰ মৃত্যুৰ পাছত ১ এপ্রিলত মৃতকৰ সংখ্যা বৃদ্ধি পাইছিল ৫৩জনলৈ৷ ১ এপ্রিলৰ পৰা ২০ এপ্রিললৈ ২০ দিনত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছিল ১৮,৫৪৪জনলৈ৷ আকৌ ৩০ এপ্রিললৈ এই সংখ্যা বৃদ্ধি পালে ৩৪,৮৬৪জনলৈ৷ অর্থাৎ মাত্র ১০ দিনতে আক্রান্তৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছিল৷

উল্লেখ্য যে দেশত প্রথম লকডাউন আৰম্ভ হৈছিল ২৫ মার্চৰ পৰা ১৪ এপ্রিললৈ৷ লকডাউনৰ এই সময়ছোৱাত ১০,৮২৮জন লোকৰ শৰীৰত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰিছিল৷ আনহাতে, ১৫ এপ্রিলৰ পৰা ৩ মে’লৈ দ্বিতীয় পর্যায়ৰ লকডাউনত আক্রান্ত হোৱা লোকৰ সংখ্যা আছিল ৩০,৪০৭জন৷ প্রথম লকডাউনৰ পৰা দ্বিতীয় লকডাউনৰ শেষলৈ ক’ৰোনাত সংক্রমিত লোকৰ সংখ্যা ভয়াৱহভাৱে প্রায় তিনি গুণলৈ বৃদ্ধি পালে৷ প্রথম পর্যায়ৰ লকডাউনৰ এই সময়ছোৱাত ২৫ মার্চত ১১জন লোকৰ মৃত্যু হৈছিল৷

আনহাতে, লকডাউনৰ অন্তিমদিনা অর্থাৎ ১৪ এপ্রিলত মৃতকৰ সংখ্যা ৩৯৬জনলৈ বৃদ্ধি পাইছিল৷ ইফালে, ১৫ এপ্রিলৰ পৰা ৩ মে’লৈ ১৯ দিনীয়া দ্বিতীয় পর্যায়ৰ লকডাউনৰ অন্তত দেশত মৃতকৰ সংখ্যা হৈছিলগৈ ১,৪৬৩জন৷ প্রথমৰ পৰা দ্বিতীয় পর্যায়ৰ লকডাউনৰ শেষত চিন্তাজনকভাৱে তিনি গুণতকৈও অধিক লোকৰ এই মহামাৰীত মৃত্যু হয়৷

You might also like