নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ উত্তৰ দিল্লীস্থিত হিন্দুৰাৱ হাস্পতালত ভৰ্তি কৰোৱা এগৰাকী ক’ৰোনা আক্ৰান্ত মহিলাই ৩ দিনীয়া নৱজাতকক হাস্পতালতে এৰি থৈ পলায়ন কৰে । মহিলাগৰাকীৰ পলায়নৰ পাছতে হাস্পতাল কৰ্তৃপক্ষ আৰু আৰক্ষীৰ মাজত হলকম্পৰ সৃষ্টি হয় ।
মহিলাগৰাকীৰ পৰা আন লোকলৈ ক’ৰোনা সংক্ৰমিণৰ বিপদ আছে । যাৰ বাবে বৰ্তমান আৰক্ষীয়ে হাস্পতাল কৰ্তৃপক্ষৰ এক গোচৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়কঃ বগা দাগ বা Vitiligo ৰোগত আক্ৰান্ত হ’লে কেনেকৈ কৰিব ইয়াৰ চিকিৎসা ?
ইপিনে শিশুটিক বৰ্তমান নাৰ্চৰ তত্বাবধানত ৰখা হৈছে । লগতে হাস্পতালৰ চিকিৎসক-নাৰ্চসকলে শিশুটিৰ স্বাস্থ্য়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।
আৰক্ষীৰ মতে, যোৱা ১১ আগষ্টত আফিছা খাতুন নামৰ মহিলাগৰাকী আৰু নৱজাতকক হাস্পতালখনত ভৰ্তি কৰোৱা হৈছিল । মহিলাগৰাকীয়ে কস্তুৰবা গান্ধী হাস্পতালত নৱজাতক শিশুটি জন্ম দিছিল, কিন্তু তেওঁৰ ক’ৰোনা পজিটিভ হোৱাৰ বাবে মাক-শিশুটোক হিন্দুৰাৱ হাস্পতাললৈ ৰেফাৰ কৰা হৈছিল ।
উল্লেখ্য যে হাস্পতালত ভৰ্তি হোৱাৰ সময়ত মহিলাগৰাকীয়ে ঔৰংগাবাদৰ বুলি ঠিকনাত প্ৰকাশ কৰিছিল । লগতে তাত উল্লেখ কৰা ফোন নম্বৰতো বৰ্তমান বন্ধ হৈ আছে ।
লগতে পঢ়কঃ ‘মুখ্যমন্ত্ৰী হ’বলৈ চন্দ্ৰত জন্মগ্ৰহণ কৰিব নালাগে’