নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুদিনত বৃদ্ধি পালে প্ৰায় ৮০ শতাংশ ক’ৰোনা আক্ৰান্ত!

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিল : ভাৰতত হঠাৎ ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত পুনৰবাৰ সকলো উদিগ্ন হৈ পৰিছে। দৰাচলতে ক’ৰোনা সংক্ৰমণৰ ঘটনাৰ সমান্তৰালকৈ এতিয়া ইয়াৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। বৃহস্পতিবাৰে (৬ এপ্ৰিল) স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা শেহতীয়া পৰিসংখ্যাই সকলোকে আচৰিত কৰিছে। চৰকাৰী পৰিসংখ্যা অনুসৰি যোৱা ২৪ ঘন্টাত ৫ হাজাৰ ৩৩৫ জন নতুনকৈ ক’ৰোনা সংক্ৰমণৰ ঘটনা পঞ্জীয়ন কৰা হৈছে। এই সংখ্যা যোৱা ৬ মাহৰ ভিতৰত সৰ্বাধিক।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এদিন পূৰ্বে অৰ্থাৎ বুধবাৰে (৫ এপ্ৰিল) প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ দেশতে ৪,৪৩৫ জন নতুনকৈ ক’ভিড-১৯ পঞ্জীয়ন হৈছিল। ইয়াৰ সৈতে ১৫ জন লোকৰ মৃত্যু হৈছিল। একে সময়তে ইয়াৰ পূৰ্বে মঙলবাৰে (৪ এপ্ৰিল) ৩০৩৮জন ক’ৰোনা আক্ৰান্তৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ৯ জনৰ মৃত্যু হয়।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডবিয়াই ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি সন্দৰ্ভত কয় যে চৰকাৰে ইয়াক অহৰহ নিৰীক্ষণ কৰি আছে আৰু ৰাজ্যসমূহলৈও পৰামৰ্শ জাৰি কৰা হৈছে।

You might also like