নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগাসন, প্রাণায়াম, চবনপ্রাছ! ক’ৰোনা জয়ীলৈ নতুন নির্দেশিকা কেন্দ্রৰ

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ দেশত দৈনিক যিদৰে ক’ৰোনা আক্রান্তৰ সংখ্যা বাঢ়িছে, তেনেদৰে বাঢ়িছে ক’ৰোনাজয়ী হোৱা লোকৰ সংখ্যাও। দেওবাৰেই স্বাস্থ্যমন্ত্রণালয়ে জনাইছে, চেপ্টেম্বৰ মাহলৈকে প্ৰায় দৈনিক ৭০ হাজাৰৰো অধিক লোক সুস্থ হৈছে। কিন্তু সমস্যাটা হ’ল সুস্থ হোৱাৰ পাছতো ক’ৰোনা ৰোগীসকলৰ মাজত দেখা দিছে কিছু ক’ভিড উপসর্গই। শ্বাসকষ্ট, ক্লান্তি, পেশিত যন্ত্রণা ইত্যাদি নানা ধৰণৰ সমস্যা দেখা গৈছে। খোদ দেশৰ গৃহমন্ত্রী অমিত শ্বাহো (Amit Shah) এই একেধৰণৰ সমস্যাত ভুগিছে। যাৰ বাবে কেন্দ্রই ক’ৰোনাজয়ী লোকসকলক এইবাৰ নির্দিষ্ট কিছু প্র’টোকল মানি চলাটো নিৰ্দেশ দিছে। সেই বাবে নির্দিষ্ট কিছু গাইডলাইনো প্ৰস্তুত কৰিছে কেন্দ্রীয় স্বাস্থ্যমন্ত্রণালয়ে।

স্বাস্থ্যমন্ত্রণালয়ৰ (Ministry of Health and Family Welfare, Government of India) এই গাইডলাইনত মূলত দেশীয় আৰু আয়ুর্বেদিক উপাদানৰ উপৰত জোৰ দিয়া হৈছে। ক’ৰোনাজয়ীসকলক নিয়মিত ব্যায়াম, যোগাসন, প্রাণায়ামৰ পৰামর্শ দিছে কেন্দ্রই। সৰুসোৰা কামকাজ কৰি দেহৰ অংগপ্রত্যংগসমূহ সচল ৰখাৰো পৰামর্শ দিয়া হৈছে স্বাস্থ্যমন্ত্রণালয়ৰ তৰফৰ পৰা। সেইমৰ্মে বান্ধি দিয়া হৈছে কিছু খাদ্যাভ্যাসো। কেন্দ্রৰ গাইডলাইন দুভাগত বিভক্ত। ব্যক্তিগত স্তৰ আৰু সামগ্রিকভাবে কি কি পালন কৰিব লাগিব তাক বর্ণনা কৰা হৈছে।

গাইডলাইনত কোৱা হৈছে-

  • সুস্থ হোৱাৰ পাছতো ক’ৰোনা বিধি মানিব লাগিব (মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ)। যথেষ্ট পৰিমাণে গৰম পানী খাব লাগে।
  • চিকিৎসকৰ পৰামর্শ মতে ৰোগ প্রতিৰোধ ক্ষমতা বর্ধক ঔষধ খাব লাগে।
  • সম্ভৱ হ’লে ঘৰৰ কামকাজ কৰিব পাৰে, ধীৰে ধীৰে কর্মক্ষেত্রলৈ যোৱা আৰম্ভ কৰিব পাৰে।
  • কম পৰিমানে ব্যায়ামৰ অভ্যাস কৰক। সদায়ে প্রাণায়াম, যোগ, ধ্যান কৰক। নিশ্বাস-প্রশ্বাস সংক্রান্ত মুদ্রা নিয়মিত অনুশীলন কৰক।
  • নিয়মিত বিশ্রাম আৰু টোপনি প্ৰয়োজন। ধুমপান আৰু মদ্যপান এৰি চলক। নিয়মিত শৰীৰৰ তাপমাত্রা, ব্লাড প্রেচাৰ, ব্লাড চুগাৰ পৰীক্ষা কৰক।
  • ইয়াৰোপৰি আয়ুশ মন্ত্রণালয়ৰ প্রস্তাবিত চবনপ্রাছ, হালধী গুৰিৰ সৈতে গাখীৰ বহু উপকাৰী। আদা, গৰম গাখীৰ, অশ্বগন্ধা খোৱাৰ পৰামর্শ দিয়া হৈছে।
You might also like