বিপজ্জনক পৰ্যায়ত উপনীত বিশ্ব, সকীয়নি বিশ্ব স্বাস্থ্য সংস্থাৰ
নিয়মীয়া বাৰ্তা, ২০ জুনঃ ক’ৰোনা ভাইৰাছক লৈ পুনৰ সাৱধানবাণী শুনালে বিশ্ব স্বাস্থ্য সংস্থাই। সংস্থাটোৰ মতে, বিশ্ব এতিয়া নতুন আৰু বিপজ্জনক পৰ্যায়ত উপনীত হৈছে। প্ৰত্যেক দেশৰে ক’ভিড-১৯ সংক্ৰমণৰ স্তৰ বেলেগ যদিও বিশ্বত সামগ্ৰিকভাৱে বৃদ্ধি হৈছে ক’ৰোনাৰ সংক্ৰমণ।
শুকুৰবাৰে সংস্থাটেৰ সঞ্চালকপ্ৰধান টেড্ৰোছ আডানামে কয় যে ক’ৰোনা তীব্ৰ হাৰত বাঢ়ি গৈ আছে আৰু বৰ্তমানো ই প্ৰাণঘাতী। বহু দেশৰ মাজত অৰ্থনীতি সুৰক্ষিত কৰি ৰখাৰ চাপ বৃদ্ধি হৈছে। কিন্তু দেশসমূহে প্ৰবল হাৰত ক’ৰোনাক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ দৰে ঘটনাৰ সন্মুখীন হ’বলৈ সাজু থাকক।
লকডাউন খোলাৰ পিছত যদি ক’ৰোনাক্ৰান্তৰ সংখ্যা আশ্চৰ্যজনকভাৱে বাঢ়েও, তাত আচৰিত হ’ব লগা একো নাই। সেয়া স্বাভাৱিক অথবা নিশ্চিত। তেওঁ সেয়েহে সকলোকে সাৱধানতা-সচেতনতা বৰ্তাই ৰাখিবলৈ অনুৰোধ জনায়। উল্লেখ্য, বিশ্বত আজি সৰ্বাধিক ১,৫০,০০০ লোক ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰে অধিক ৰোগী আমেৰিকা আৰু ব্ৰাজিলৰ। ভাৰততো ক’ৰোনাক্ৰান্তৰ হাৰ প্ৰতিদিনে বৃদ্ধি হৈ গৈ আছে।