ক’ভিশ্বিল্ড–ক’ভাক্সিন মিশ্রণৰ অধ্যয়নত অনুমোদন ডিচিজিআইৰ
নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন মিশ্রণৰ অধ্যয়নত অনুমোদন জনাইছে ড্রাগছ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়া (ডিচিজিআই)ই৷ তামিলনাডুৰ খ্রীষ্টিয়ান মেডিকেল কলেজত ভেকচিন ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন মিশ্রণৰ ফলত মানৱ দেহত কিমান ফলপ্রসূতা হ’ব সেই সন্দর্ভত চলাবলগীয়া অধ্যয়নত বুধবাৰে ডি চি জি আয়ে অনুমোদন জনাইছে৷
নিটি আয়োগৰ সদস্য ডাঃ ভি কে পলে এই অনুমোদন সন্দর্ভত সংবাদ মাধ্যমক অৱগত কৰিছে৷ উল্লেখ্য যে যোৱা ২৯ জুলাইত চেণ্ড্রেল ড্রাগছ ষ্টেণ্ডার্ড কণ্ড্র’ল অর্গেনাইজেচনৰ বিশেষজ্ঞ কমিটীয়ে ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন মিশ্রণৰ অধ্যয়নত অনুমোদন জনাইছিল৷ মন কৰিবলগীয়া যে ক’ভাক্সিন আৰু ক’ভিশ্বিল্ডৰ এটাকৈ ড’জ দি ৩০০ স্বেচ্ছাসেৱকৰ দেহত এই অধ্যয়ন চলোৱা হ’ব৷