নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অধিক পৰীক্ষণ হ’লে ক’ৰোনাত আক্রান্তই আমেৰিকাক চেৰ পেলাব ভাৰতে

নিয়মীয়া বাৰ্তা ৭ জুনঃ মাৰাত্মক ক’ভিড–১৯ত বিশ্বৰ ভিতৰতে সর্বাধিক আক্রান্ত আৰু প্রাণ হেৰুওৱা আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ক’ভিড–১৯ পৰীক্ষণ অধিক হ’লে ভাৰত আৰু চীনে দেশখনত আক্রান্তৰ সংখ্যাৰে চেৰ পেলাব৷ প্রাদুর্ভাৱ ঘটা চীন আৰু বর্তমান আক্রান্তৰ তালিকাত ষষ্ঠ স্থানত থকা ভাৰতৰ লগত ক’ভিড–১৯ৰ তুলনামূলক দৃষ্টিভংগীৰে ৰাষ্ট্রপতি ট্রাম্পে আমেৰিকাৰ দৰে পৰীক্ষণ কৰিলে চীন আৰু ভাৰতৰ সংখ্যা দেশখনতকৈ অধিক হ’ব৷ প্রায় ২০ লাখ আক্রান্ত আৰু ১.১০লাখৰ অধিক লোকৰ প্রাণ হেৰুওৱা আমেৰিকাত এতিয়ালৈকে ২ কোটিৰ অধিক লোকৰ ক’ভিড–১৯ৰ পৰীক্ষা কৰোৱা হৈছে বুলি ৰাষ্ট্রপতি ট্রাম্পে প্রকাশ কৰিছে৷ চিকিৎসা উৎপাদিত সামগ্রী এক অনুষ্ঠানক সম্বোধন কৰি ৰাষ্ট্রপতি ট্রাম্পে ক’ৰোনা ভাইৰাছৰ বাবে চীনক পুনৰ আক্রমণৰ লক্ষ্য কৰি লয়৷ চীনৰ পৰা অহা শত্রু ক’ভিড–১৯৷ চীনে এই ভাইৰাছটোক বন্ধ কৰা উচিত আছিল যদিও দেশখনে এনে নকৰিলে৷ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত মহামাৰী ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজত দেশখনে কঠিন প্রত্যাহ্বানৰ সন্মুখীন হোৱা বুলিও স্বীকাৰ কৰে ৰাষ্ট্রপতি ট্রাম্পে৷ মন কৰিবলগীয়া যে এতিয়ালৈকে ভাৰতত ৪০ লাখ ক’ভিড–১৯ পৰীক্ষণ সম্পন্ন কৰা হৈছে৷

You might also like