COVID-19, ভাৰতত এদিনতে সর্বাধিক ৪,১৭৯জন আক্রান্ত
নিয়মীয়া বার্তা, ১১ মেঃ ভাৰতত এদিনতে ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ৪ সহস্রাধিকলৈ বৃদ্ধি পালে৷ আনহাতে, মহাৰাষ্ট্রত এদিনতে সংক্রমণ হৈছে ১,৯৪৩জন লোকৰ৷ ৰাজ্যখনত ক’ৰোনা ভাইৰাছৰ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ আজি ৰাজ্যখনত আক্রান্ত লোকৰ সংখ্যাই ২০ হাজাৰ অতিক্রম কৰিলে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রদান কৰা এক তথ্য মতে,
তৃতীয় পর্যায়ৰ লকডাউনৰ প্রথমটো সপ্তাহ সমাপ্তিৰ সময়তো দেশত ক’ৰোনা আক্রান্তৰ সংখ্যা হ্রাস পোৱা নাই৷ শেহতীয়া তথ্য অনুসৰি ভাৰতত ৬৪,৪৪১জন লোক আক্রান্ত হৈছে৷ ১,৫৭৬জন লোকৰ শৰীৰত নতুনকৈ ক’ভিড–১৯ মহামাৰীৰ উপস্থিতি ধৰা পৰিছে৷ ইফালে আজি মৃত লোকৰ সংখ্যা ২৭জনলৈ বৃদ্ধি পোৱাত মুঠ মৃতকৰ সংখ্যা হ’লগৈ ২,১২৮জন৷ মহাৰাষ্ট্রৰ পাছতে দ্বিতীয় সর্বাধিক আক্রান্ত ৰাজ্য গুজৰাটত ৭,৭৯৭জন, তামিলনাডুত ৭,২০৪জন, দিল্লীত ৬,৯২৩জন, ৰাজস্থানত ৩,৭৫৩জন, মধ্যপ্রদেশত ৩,৪৫৭জন, উত্তৰ প্রদেশত ৩,৩৭৪জন লোক আক্রান্ত হৈছে৷ আনহাতে, মহাৰাষ্ট্রত ৭৭৯জন, গুজৰাটত ৪৭২জন, মধ্য প্রদেশত ২১১জন, পশ্চিমবংগত ১৮৫জন, ৰাজস্থানত ১০৭জন লোকৰ মৃত্যু হৈছে।