নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ মহামাৰীত দেশত ৯৯গৰাকী চিকিৎসকৰ প্রাণহানি

নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ ক’ভিড–১৯ মহামাৰীত আক্রান্ত হোৱা লোকৰ সেৱাত নিয়োজিত ৯৯গৰাকী চিকিৎসকে ইতিমধ্যে দেশত প্রাণ হেৰুৱাইছে৷ আই এম এৰ তৰফৰ পৰা সদৰী কৰা হৈছে এই তথ্য৷

উল্লেখনীয় যে দেশৰ শীর্ষ চিকিৎসা সংস্থাটোৱে ইতিমধ্যে এইক্ষেত্রত ৰেড এলার্ট জাৰি কৰিছে৷ চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলৰ জীৱনলৈ ক’ভিডে ভাবুকি কঢ়িয়াই অনা বুলি উল্লেখ কৰিছে আই এম এই৷ সংস্থাটোৰ তথ্য অনুসৰি দেশজুৰি ক’ভিড–১৯ত সংক্রমিত হৈছে মুঠ ১,৩০২গৰাকী চিকিৎসক৷ ইয়াৰে ৯৯গৰাকীয়ে ইতিমধ্যে প্রাণ হেৰুৱাইছে৷ মৃত্যু হোৱা চিকিৎসকসকলৰ ৭৩গৰাকীৰ বয়স ৫০ বছৰৰ ঊর্ধ্বত৷ ১৯গৰাকীৰ বয়স ৩৫ৰ পৰা ৫০ বছৰৰ ভিতৰত৷ আৰু ৭গৰাকীৰ বয়স ৩৫ বছৰৰ তলত বুলি আই এম এই ঘোষণা কৰিছে৷

You might also like