ক’ভিড–১৯ত আক্রান্ত বিজেপি সভাপতি নাড্ডা
নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা ক’ভিড–১৯ত আক্রান্ত হৈছে৷ আজি নাড্ডাই ঘোষণা কৰিছে যে ন’ভেল ক’ৰোনা ভাইৰাছত তেওঁ পজিটিভ বুলি পৰীক্ষাত ধৰা পৰিছে৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে এই কথা সদৰী কৰি বিজেপিৰ ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে উল্লেখ কৰিছে যে ক’ভিডৰ প্রাথমিক লক্ষণসমূহ শৰীৰত ধৰা পৰিছে৷ অৱশ্যে তেওঁ বর্তমান সুস্বাস্থ্যৰে আছে বুলি সংবাদ মাধ্যমক জনাইছে৷ চিকিৎসকৰ পৰামর্শ লাভ কৰাৰ পাছতে সকলো ক’ভিড প্রট’কল মানি হোম আইচ’লেচনতে থকা বুলি টুইটাৰত উল্লেখ কৰিছে নেতাগৰাকীয়ে৷ ইফালে শেহতীয়াকৈ যিসকল লোক সংস্পর্শলৈ আহিছিল, তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ উপৰি আছুতীয়াকৈ থাকিবলৈ অনুৰোধ জনাইছে নেতাগৰাকীয়ে৷ লক্ষণীয়ভাৱে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে বিজেপি সভাপতিগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে৷ নেতাগৰাকীৰ সুস্বাস্থ্যৰ বাবে এই সময়ত ঈশ্বৰক প্রার্থনা কৰা বুলিও মমতা বেনার্জীয়ে ঘোষণা কৰিছে৷ স্মর্তব্য যে দুদিনীয়া পশ্চিমবংগ ভ্রমণৰ পৰা নতুন দিল্লীলৈ উভতি অহাৰ পাছতে নাড্ডা ক’ভিড–১৯ত আক্রান্ত হৈছে।