ক’ভিড–১৯ক বাদ দি নির্বাচনৰ বাবে ব্যস্ত হৈ পৰিছে নীতিশঃ কিশোৰ
নিয়মীয়া বাৰ্তা ১৫ জুনঃ চলিত বর্ষৰ শেষৰ ভাগত হ’বলগীয়া বিধানসভা নির্বাচনৰ বাবে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰ ইতিমধ্যে সাজু হৈছে৷ ২০০৫ চনৰ পৰা সপ্তমটো কার্যকালৰ বাবে নীতিশ কুমাৰে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব৷ নীতিশ কুমাৰৰ নির্বাচনী প্রস্তুতিক লৈ ক্ষোভ প্রকাশ কৰিছে প্রশান্ত কিশোৰে৷ নির্বাচন বিশেষজ্ঞ প্রশান্ত কিশোৰে মুখ্যমন্ত্রী নীতিশৰ বিৰুদ্ধে আক্রমণাত্মক মন্তব্য কৰি কৈছে যে ৰাজ্যখনত ক’ৰোনা মহামাৰীৰ সংকটে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ দেশবাসীয়ে ক’ৰোনাৰ বিৰুদ্ধে যুঁজৰ বাবে প্রতিদিনে কৌশল সলনি কৰিবলগীয়া হৈছে৷ কিন্তু বিহাৰত এতিয়া নীতিশ কুমাৰ নির্বাচনৰ বাবেহে সাজু হৈছে৷ ৰাজ্যখনত ছয় সহস্রাধিক লোক ক’ভিড–১৯ত আক্রান্ত হোৱা সত্ত্বেও মুখ্যমন্ত্রী নীতিশ কুমাৰ কেনেদৰে নির্বাচনৰ বাবে সাজু হ’ব পাৰে সেয়া বৰ আশ্চর্যৰ কথা বুলিও অভিহিত কৰিছে কিশোৰে৷ লকডাউনৰ সময়ত ঘৰৰ পৰা নীতিশ বাহিৰ হ’ব নোৱাৰে, কিন্তু ভোট বিচাৰি যাব পাৰে বুলিও কটাক্ষ কৰিছে কিশোৰে৷