নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ বিশ্বৰ ভিতৰত অধিকসংখ্যক ক’ভিড ভেকচিন প্রদান কৰা দেশৰ তালিকাত ভাৰত তৃতীয় স্থানলৈ উন্নীত হৈছে৷ আজি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে সদৰী কৰিছে এই তথ্য৷ এইক্ষেত্রত ভাৰততকৈ শীর্ষত আছে আমেৰিকা আৰু ব্রিটেইন৷ ১২খন ভাৰতীয় প্রদেশে দুই লাখতকৈ অধিক লোকক ক’ভিডৰ টিকা প্রদান কৰিবলৈ সক্ষম হৈছে৷ অর্থাৎ প্রতিখন প্রদেশে ইতিমধ্যে দুই লাখতকৈ অধিক লোকক ক’ভিড ভেকচিন প্রদান কৰিছে৷ উত্তৰ প্রদেশে অকলেই আজি পুৱালৈকে ৬,৭৩,৫৪২গৰাকী লোকক ক’ভিডৰ টিকা প্রদান কৰিবলৈ সক্ষম হৈছে৷
সমগ্র দেশত আজি পুৱা ৮ বজালৈকে ৫৭.৭৫ লাখ লোকে ক’ভিড ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখনীয় যে ইয়াৰে ৫৩,০৪,৫৪৬গৰাকী ক’ভিড ভেকচিন লাভ কৰা লোক হৈছে স্বাস্থ্যকর্মী৷ আনফালে, ক’ভিড যোদ্ধা হিচাপে থকা ৪,৭০,৭৭৬গৰাকী লোকেও ক’ভিডৰ টিকা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইফালে ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা দেশত প্রতিদিনে হ্রাস পাবলৈ লৈছে৷ যোৱা ২৪ ঘণ্টাত ক’ৰোনাত দেশত প্রাণ হেৰুৱাইছে ৮০গৰাকী লোকে৷