কমিছে ক’ভিডত আক্ৰান্ত, বাঢ়িছে অমিক্ৰন
সোমবাৰৰ তুলনাত আজি ক’ভিড পৰিস্থিতি কিছু উন্নত হৈছে দেশত। মঙলবাৰে দেশত নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২,৩৮,০১৮। মৃত্যু হৈছে ৩১০ জন লোকৰ আৰু আৰোগ্য লাভ কৰিছে মুঠ ১,৫৭,৪২১ লোকে। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে, বৰ্তমানে ক’ভিড সক্ৰিয় হৈ আছে ১৭,৩৬,৬২৮ জন লোকৰ দেহত। দৈনিক আক্ৰান্তৰ হাৰ ১৪.৪৩ শতাংশ।
India reports 2,38,018 COVID cases (20,071 less than yesterday), 310 deaths, and 1,57,421 recoveries in the last 24 hours.
Active case: 17,36,628
Daily positivity rate: 14.43%8,891 total Omicron cases detected so far; an increase of 8.31% since yesterday pic.twitter.com/CaYmWHCPKX
— ANI (@ANI) January 18, 2022
উল্লেখনীয় যে, সোমবাৰৰ তুলনাত আজি আক্ৰান্তৰ সংখ্যা প্ৰায় ২০হাজাৰ কম। আনহাতে, দেশত অমিক্ৰন আক্ৰান্তৰ সংখ্যা ৮,৮৯১ জনলৈ বৃদ্ধি হৈছে । অৱশ্যে অমিক্ৰনত আক্ৰান্তৰ সংখ্যা কালিৰ তুলনাত ৮.৩১ শতাংশ বৃদ্ধিহে হৈছে।