নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্রান্ত কংগ্রেছ নেতা ছিদ্দাৰামায়া

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ  কর্ণাটকৰ প্রাক্তন মুখ্যমন্ত্রী তথা জ্যেষ্ঠ কংগ্রেছ নেতা ছিদ্দাৰামায়া ক’ৰোনাত আক্রান্ত হৈছে৷ নেতাগৰাকীক ইতিমধ্যে এখন হাস্পতালত ভর্তি কৰোৱা হৈছে বুলি চৰকাৰী সূত্রই সদৰী কৰিছে৷ লক্ষণীয়ভাৱে ছিদ্দাৰামায়াই নিজেও ছ’চিয়েল মিডিয়া টুইটাৰযোগে এই কথা ঘোষণা কৰিছে৷ ইফালে নেতাগৰাকীয়ে তেওঁৰ সংস্পর্শলৈ অহা সকলো লোকক নিজাববীয়াকৈ কোৱাৰেণ্টাইনত থকাৰ আহ্বান জনাইছে৷ ইয়াৰ পূর্বে কর্ণাটকৰ মুখ্যমন্ত্রী বি এছ য়েডিয়ুৰাপ্পাও ক’ভিড–১৯ত আক্রান্ত হৈছিল৷ অৱশ্যে বর্তমান মুখ্যমন্ত্রীগৰাকী মাৰাত্মক ভাইৰাছ বিধৰ সংক্রমণৰ পৰা মুক্ত হৈছে।

You might also like