নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিগত ২৪ ঘণ্টাত দেশত ক’ৰোনাৰ নতুন পজিটিভ ১২৩৩: প্ৰায় দুবছৰৰ অন্তত আক্ৰান্তৰ সংখ্য হ্ৰাস পালে ১৫ হাজাৰলৈ

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ দেশত ক’ৰোনা ভাইৰাছৰ ঘটনা ক্ৰমাৎ হ্ৰাস হোৱা দেখা গৈছে। বিগত ২৪ ঘণ্টাত ১২৩৩ টা নতুন ঘটনা পোহৰলৈ আহিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ মতে ক’ৰোনা ভাইৰাছৰ ফলত ৩১ জন লোকৰ মৃত্যু হৈছে আৰু সেই অনুপাতে ১৮৭৬ জন লোকে আৰোগ্য লাভ কৰিছে।

লক্ষণীয়ভাৱে দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১৫ হাজাৰতকৈও কম হোৱা পৰিলক্ষিত হৈছে। এতিয়া দেশত কৰোনাৰ প্ৰায় ১৪,৭০৪ জন আক্ৰান্ত লোক আছে। বৰ্তমান পজিটিভিতিৰ হাৰ ০.০৩ শতাংশ। প্ৰতিবেদন অনুসৰি, বৰ্তমানলৈকে ৪,২৪,৮৭,৪১০ জন লোক ক’ৰোনাৰ পৰা সুস্থ হৈ উঠিছে। ৰেকভাৰী হাৰ ও ৯৮.৭৫ শতাংশলৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, প্ৰতিদিনে পজিটিভিতিৰ হাৰ ০.২০ শতাংশলৈ বৃদ্ধি হৈছে। আনহাতে, সাপ্তাহিক পজিটিভিতিৰ হাৰ ০.২৫ শতাংশলৈ বৃদ্ধি হৈছে। উল্লেখ্য যে ভাৰতত মঙলবাৰে ৬,২৪,০২২ টা ক’ৰোনা ভাইৰাছৰ নমুনা পৰীক্ষা কৰা হৈছিল।

ইফালে দেশত এতিয়ালৈকে প্ৰায় ১৮৩.৭৩ কোটিৰো অধিক ভেকছিন প্ৰদান কৰা হৈছে। ৯৮.৬৪ কোটিতকৈ অধিক লোকে প্ৰথম পালি ভেকছিন লোৱাৰ বিপৰীতে প্ৰায় ৮৩ কোটি লোকক দ্বিতীয় পালি ভেকছিন প্ৰদান কৰা হৈছে।

ইপিনে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ১৮৪.৮৬ কোটিতকৈও অধিক ভেকছিন প্ৰদান কৰা হৈছে। বৰ্তমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে ভেকছিনৰ ১৫.৯৫ কোটিৰো অধিক পালি আছে।

You might also like