নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিমান দিন পিছত দ্বিতীয়বাৰৰ বাবে হ’ব পাৰে ক’ৰোনা ? ICMR-এ শুনালে সাৱধানবাণী

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ ক’ৰোনা ভাইৰাছৰ বৰ্ধিত হাৰৰ লগতে আহিছে ইয়াৰ পুনৰ সংক্ৰমণৰ খবৰ। অৰ্থাৎ, এনে ঘটনাৰ খবৰ আহিবলৈ ধৰিছে, য’ত এবাৰ আৰোগ্য হোৱাৰ পিছত কোনো ব্যক্তি ক’ৰোনাৰ দ্বাৰা পুনৰ সংক্ৰমিত হৈ আছে।

এই প্ৰসংগতে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)-এ ক’ৰোনাৰ পুনৰ সংক্ৰমণৰ বিষয়ে গুৰুত্বপূৰ্ণ কথা ব্যক্ত কৰিছে। আইচিএমআৰৰ মতে, ভাইৰাছৰ পৰা উদ্ধাৰ হোৱা কোনো লোকৰ যদি পাঁচ মাহত এণ্টিব’ডী হ্ৰাস হয়, তেন্তে পুনৰ ক’ভিড-১৯ হ’ব পাৰে লোকগৰাকীৰ।

আই চি এম আৰৰ মহানিৰ্দেশক ড০ বলৰাম ভাৰ্গৱে কয়- ‘মাস্ক পিন্ধাটো অতি গুৰুত্বপূৰ্ণ আৰু পূৰ্বে সংক্ৰমিত হ’লেও সতৰ্ক হোৱা উচিত। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, বৰ্তমান বিশ্বত প্ৰায় ২৪ টা পুনৰ সংক্ৰমণৰ ঘটনা ঘটিছে, এনে ঘটনা হ’বলৈ ৯০ৰ পৰা ১০০ দিন লাগিব পাৰে।’

ক’ৰোনাৰ পুনৰ সংক্ৰমণৰ প্ৰসংগত দ্য লেনছেট আলোচনীত কোৱা হৈছে যে দ্বিতীয়বাৰ সংক্ৰমিত হ’লে ক’ৰোনা ৰোগীসকলে অধিক গুৰুতৰ অৱস্থাৰ সন্মুখীন হ’ব পাৰে।

বিশেষজ্ঞৰ মতে, পুনৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি হ’লে মহামাৰীটোক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কঠিন সমস্যাই দেখা দিব পাৰে।

You might also like