নিয়মীয়া বাৰ্তা, ১২ জুন: দেশজুৰি ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ তীব্রতা নিম্নগামী হৈছে৷ বিগত চাৰি দিন ধৰি দেশত আক্রান্তৰ সংখ্যা এক লাখতকৈ কম৷ অৱশ্যে এই চাৰি দিনত আক্রান্তৰ সংখ্যা কম–বেছি হৈ আছে৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি ক’ভিড–১৯ত আক্রান্ত হৈছে ৯১,৭০২জন৷ ইয়াকে লৈ আক্রান্তৰ সংখ্যা ২.৯২ কোটিৰ অধিক হৈছে৷
আনপিনে যোৱা ২৪ ঘণ্টাত ৩,৪০৩জন লোকৰ মৃত্যু ঘটিছে৷ ইয়াকে লৈ মৃতকৰ সংখ্যা ৩,৬৩,০৭৯জনলৈ বৃদ্ধি পাইছে৷ মন কৰিবলগীয়া যে কালি এদিনতে সর্বাধিক ৬ সহস্রাধিকৰ মৃত্যুৰে অভিলেখ গঢ়াৰ পিছত আজি মৃতকৰ সংখ্যা কেৱল তিনি সহস্রাধিক হয়৷
লক্ষণীয় যে ক্রমাগত ২৯ দিন ধৰি দেশজুৰি আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা অধিক হৈ আছে৷ যোৱা ২৪ ঘণ্টাত ৯১ সহস্রাধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ১.৩৪ লক্ষাধিক লোক৷
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ২০ লক্ষাধিক লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে৷ ইয়াকে লৈ দেশত ক’ভিড পৰীক্ষা কৰা লোকৰ সংখ্যা ৩৭,৪২,৪২,৩৮৪জনলৈ বৃদ্ধি পাইছে৷ দেশৰ দৈনিক পজিটিভৰ হাৰ ৪.৪৯ শতাংশ আৰু সাপ্তাহিক পজিটিভৰ হাৰ ৫.১৪ শতাংশলৈ নিম্নগামী হৈছে৷