নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিখৰত বিএছই–নিফটী ছেনছেক্সঃ বিনিয়োগকাৰীৰ সম্পত্তি ২৩১ লাখ কোটি টকালৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১২ জুন: ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা নিম্নগামী হৈছে৷ দেশৰ ৰাজ্যসমূহত লকডাউনৰ শিথিলতা আৰু আন্তর্জাতিক বজাৰ উজ্জীৱিত হোৱাৰ পৰিপ্রেক্ষিতত দেশৰ শ্বেয়াৰ বজাৰত অভাৱনীয় উত্থান ঘটিছে৷ বিগত কেইবাদিন ধৰি শ্বেয়াৰ বজাৰত অভাৱনীয় উত্থান অব্যাহত থাকি প্রতিদিনে নতুন শিখৰত উপনীত হৈছে ছেনছেক্স–নিফ্টী৷

আজি পুৱা বজাৰ আৰম্ভ হোৱাৰ লগে লগে বি এছ ই ছেনছেক্সৰ পইণ্ট ঊর্ধ্বগামী হ’বলৈ ধৰে আৰু বজাৰ সামৰণি পৰাৰ সময়ত ৩২৬ পইণ্ট ঊর্ধ্বগামীৰে ছেনছেক্স ৫২,৬২৬ত সামৰণি পৰে৷ তেনেদৰে এন এছ ই নিফ্টীও ৯৮ পইণ্ট ঊর্ধ্বগামী হৈ পূর্বৰ অভিলেখ ভংগ কৰি নতুন শিখৰ ১৫,৮৩৫ত বজাৰ সামৰণি পৰে৷ ছেনছেক্স সর্বকালৰ শিখৰত উপনীত হোৱাৰ আঁৰত আজি ৰিলায়েন্স ইণ্ডাষ্ট্রিজ, পাৱাৰ গ্রিড, বাজাজ ফাইনেঞ্চ, টেকন’লজী, ডাঃ ৰেড্ডিজ লেব’ৰেটৰী আৰু ইনফ’ছিছৰ শ্বেয়াৰ বৃদ্ধি৷

ইপিনে, এন এছ ই নিফ্টী আজি বজাৰ আৰম্ভণিৰ সময়ত লাহে লাহে পইণ্ট ঊর্ধ্বগামী হ’বলৈ ধৰে আৰু সামৰণি পৰাত সর্বকালৰ শিখৰত ১৫,৮৩৫ত সামৰণি পৰে৷ মন কৰিবলগীয়া যে চলিত বর্ষৰ আৰম্ভণিৰে পৰা ছেনছেক্স ১০.০৯ শতাংশ তথা ৪৮১৬ পইণ্ট লাভান্বিত হৈছে৷ এবছৰত ছেনছেক্স ৫৬.৭৬ শতাংশ বৃদ্ধি পাইছে৷ নিফ্টী ১৩.২৪ শতাংশ তথা ১৮৫১ পইণ্ট বৃদ্ধি হৈছে৷ এবছৰত নিফ্টী ৫৯.৮৬ শতাংশ তথা ৫৯২২ পইণ্ট বৃদ্ধি পাইছে৷

আনপিনে দেশৰ বিনিয়োগকাৰীৰ সম্পত্তিৰ পৰিমাণ ২৩১.৫২ লাখ কোটি টকালৈ বৃদ্ধি পাইছে৷ আজি পুৱা বজাৰ আৰম্ভণি হোৱাৰ লগে লগে বিনিয়োগকাৰীৰ সম্পত্তি ১.২৯ লাখ কোটি টকা বৃদ্ধি পায়৷ ইয়াৰ লগে লগে বিনিয়োগকাৰীৰ সম্পত্তি পূর্বৰ ২৩০.২৩ লাখ কোটিৰ পৰা বৃদ্ধি হৈ ২৩১.৫২ লাখ কোটিলৈ বৃদ্ধি হয়৷ ছেনছেক্স সর্বকালৰ শিখৰলৈ ধাৱিত হোৱাৰ ফলত ঝুনঝুনৱালৰ ষ্ট’ক ২০ শতাংশ বৃদ্ধি পাইছে৷

উল্লেখ্য যে ৭ জুনৰ পৰা দিল্লী, উত্তৰ প্রদেশ আৰু মহাৰাষ্ট্রকে ধৰি কেইবাখনো ৰাজ্যত ক’ভিড–১৯ লকডাউন শিথিল কৰাৰ বাবেই বাণিজ্যিক কার্যকলাপ বৃদ্ধি পায় আৰু ইয়াৰ ইতিবাচক ফল শ্বেয়াৰ বজাৰত পৰে৷ ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা নিম্নগামী হোৱাৰ লগতে ধাতু আৰু তথ্য–প্রযুক্তি ক্ষেত্রখনৰ চাহিদা বৃদ্ধি পোৱাত শ্বেয়াৰ বজাৰত ইতিবাচক প্রভাৱ পৰে৷ আনপিনে, এছিয়াৰ শ্বেয়াৰ বজাৰৰো আজি উত্থান হোৱাত ইতিবাচক প্রভাৱ দেশীয় ছেনছেক্স আৰু নিফ্টীত পৰা দেখা যায়৷

You might also like