দেশত কৰোণাৰ উদ্বেগজনক পৰিস্থিতি এতিয়াও একে আছে। আজি তৃতীয় দিনাও ১.৫লাখৰ ওপৰত আছে এদিনত নতুনকৈ সংক্ৰমণৰ সংখ্যা। স্বাস্থ্য মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰা তথ্য মতে, যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ আক্ৰান্ত হৈছে ১,৬৮,০৬৩ গৰাকী লোক। এই সংখ্যাৰে দেশত ক’ভিড-১৯ পজিটিভ হৈ থকা লোকৰ সংখ্যা হৈছেগৈ ৮,২১,৪৪৬। একেদৰে বাঢ়ি আছে মৃত্যু হোৱা লোকৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত মৃত্যু হেছে ২৭৭ জন লোকৰ। এই সংখ্যাৰে দেশত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৮৪,২১৩ অতিক্ৰম কৰিছে। আনহাতে, মুঠ অমিক্ৰন আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৪,৪৬১ জনলৈ।
Prev Post
Next Post
You might also like