ক’ভিডত নতুনকৈ আক্ৰান্ত ২.৩৫লাখ
ক’ভিড পৰিস্থিতি কিছু সামান্য হৈছে দেশত। যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্তৰ সংখ্যা ২,৩৫,৫৩২ হৈছে। ইপিনে, এই ২৪ ঘণ্টাত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৭১জন আৰু আৰোগ্য় লাভ কৰিছে ৩,৩৫,৯৩৯ গৰাকীয়ে। দেশত সপ্তাহ হিচাপত পজিটিভৰ হাৰ ১৬.৮৯ শতাংশ। আটাইতকৈ বেছি মৃত্যু হৈছে মহাৰাষ্ট্ৰত। উল্লেখনীয় যে, যোৱা ৪দিন ধৰি দৈনিক আক্ৰান্তৰ সংখ্যা ৩ লাখৰ তলত আছে।