নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউৰোপ–আমেৰিকাতকৈ ভয়াৱহ হ’ব ভাৰতৰ পৰিস্থিতি : বিশেষজ্ঞৰ উদ্বেগজনক তথ্য

মহাৰাষ্ট্রত আৰম্ভ গণসংক্রমণ

নিয়মীয়া বাৰ্তা, ১২ মে’ : মহামাৰীৰ সংক্রমণ বিশ্বৰ মানৱ জাতিৰ বাবে এক মহাবিপর্যয় হিচাপে চিহ্ণিত হৈ আহিছে ৷ যিকোনো নতুন ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰিলে তাক প্রতিৰোধ কৰাটো হৈ পৰে অধিক কঠিন কাম ৷ কাৰণ এই নতুন ভাইৰাছৰ প্রতিষেধক টিকা উদ্ভাৱন কৰাৰ ক্ষেত্রত চিকিৎসা বিজ্ঞানলৈ আহি পৰে প্রত্যাহ্বান ৷ ভাইৰাছবিধৰ সংক্রমণত প্রতিৰোধ লগাবলৈ বিভিন্ন নতুন পন্থা গ্রহণ কৰিবলগীয়া হয় ৷ আটাইতকৈ প্রত্যাহ্বানৰ বিষয়টো হৈছে কোনো ভাইৰাছে যেতিয়া গণসংক্রমণৰ ৰূপ লয়, তেতিয়া তাৰ সংহাৰ হৈ পৰে অধিক ভয়াৱহ ৷ শেহতীয়াকৈ ইউৰোপৰ কেইবাখনো দেশৰ লগতে আমেৰিকাত ক’ৰোনা ভাইৰাছ মহামাৰীত অভাৱনীয়ভাৱে দুই লক্ষাধিক লোকৰ মৃত্যু হোৱাৰ কাৰণ হৈছে ভাইৰাছবিধে কেইবাখনো চহৰত গণসংক্রমণৰ ৰূপ ধাৰণ কৰিছে ৷ গণসংক্রমণৰ বাবেই ক’ৰোনাই নিউয়র্কক মৃত্যু উপত্যকাত পৰিণত কৰিবলৈ সক্ষম হৈছে ৷ ইটালীৰ দৰে চিকিৎসাৰ ক্ষেত্রত সমৃদ্ধিশালী ৰাষ্ট্র এখনে ক’ৰোনা ভাইৰাছৰ গণসংক্রমণত প্রতিৰোধ লগাব নোৱাৰা বাবেই বহু লোকৰ মৃত্যু হৈছে ৷

অর্থাৎ গণসংক্রমণৰ জৰিয়তে ক’ৰোনা ভাইৰাছ মহামাৰী বা ক’ভিড–১৯এ কেইবাখনো চহৰক বধ্যভূমিত পৰিণত কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতৰ দৰে দেশবোৰৰ মূল লক্ষ্যই হৈছে ক’ভিড–১৯ৰ গণসংক্রমণৰ পৰা ৰক্ষা পোৱা ৷ কিন্তু শেহতীয়াকৈ মহাৰাষ্ট্রৰ বিভিন্ন স্থানত এই প্রাণঘাতী ভাইৰাছবিধে গণসংক্রমণ ঘটাবলৈ সক্ষম হৈছে বুলি ৰাজ্যৰ চিকিৎসা বিশেষজ্ঞসকলে ঘোষণা কৰিছে ৷ এই মাৰাত্মক ভাইৰাছবিধৰ প্রতিৰোধৰ দায়িত্বত থকা ৰাজ্যখনৰ ৰোগ পর্যবেক্ষক বিষয়া ডাঃ প্রদীপ আৱাটেই সংবাদ মাধ্যমক জনাইছে যে মুম্বাইৰ বিভিন্ন স্থানত ক’ভিড–১৯ৰ সংক্রমণ আৰম্ভ হৈছে ৷ অৱশ্যে সমগ্র মহাৰাষ্ট্রত ভাইৰাছবিধে গণসংক্রমণ ঘটাবলৈ সক্ষম হোৱা নাই ৷ মুম্বাইৰ উপৰি ৰাজ্যখনৰ কিছু কিছু অঞ্চলত তাৎক্ষণিকভাৱে এই ভাইৰাছবিধৰ গণসংক্রমণ ঘটাৰ ফলত দেশৰ ভিতৰতে অধিকসংখ্যক লোক ক’ৰোনাত আক্রান্ত ৰাজ্য হিচাপে চিহ্ণিত হৈছে মহাৰাষ্ট্র ৷ আৱাটেৰ উপৰি ৰাজ্যখনৰ স্বাস্থ্য মন্ত্রালয়ে উল্লেখ কৰিছে যে মুম্বাইৰ ঘন জনবসতিপূর্ণ অঞ্চলৰ বাবে এই গণসংক্রমণ অধিক আশংকাৰ কাৰণ হৈ পৰিছে ৷

মহাৰাষ্ট্রৰ এই ঘন জনবসতিপূর্ণ অঞ্চলসমূহত ক’ৰোনা ভাইৰাছ গণসংক্রামক হৈ পৰা বাবেই ৰাজ্যখনত ২২ সহস্রাধিক লোক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈছে ৷ লক্ষণীয়ভাৱে বিশ্ব স্বাস্থ্য সংস্থাই পূর্বৰে পৰা ঘন জনবসতি অঞ্চলৰ বাবে ক’ৰোনাৰ গণসংক্রমণ অধিক ঘাতক হৈ পৰিব পাৰে বুলি সতর্কবাণী কৰি আহিছে ৷ ইউৰোপ আৰু আমেৰিকাৰ দৰে ভাৰতত যদি ক’ৰোনাই গণসংক্রমণ ঘটায়, তেন্তে দেশখনত অতি কম সময়ৰ ভিতৰতে কেইবালাখো লোক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হ’ব ৷ অকল সেয়াই নহয়, ক’ৰোনাৰ চিকাৰ হ’ব লাগিব দেশখনৰ অসংখ্য লোক ৷ বর্তমান ভাৰতত প্রায় ৬৮ হাজাৰ লোক ক’ৰোনাত আক্রান্ত হৈছে ৷ ইফালে, ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈ প্রাণ হেৰুৱাইছে সমগ্র দেশত ২,২০৬গৰাকী লোকে৷ অৱশ্যে ২০ সহস্রাধিক লোক এই ভাইৰাছবিধৰ সংক্রমণৰ পৰা আৰোগ্য হৈছে ৷

You might also like