নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ৰ সংক্রমণ–মৃতকৰ সংখ্যা নিয়ন্ত্রণত সফলঃ ভাৰতক প্রশংসা ‘হু’ৰ মুখ্য বিজ্ঞানী সৌম্য স্বামীনাথনৰ

নিয়মীয়া বাৰ্তা, ১২ মে’ : ভাৰতে ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে সফলতাৰে যুঁজ দিয়াত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী সৌম্য স্বামীনাথনে সোমবাৰে প্রশংসা কৰিছে ৷ বিশ্বৰ বিভিন্ন দেশৰ তুলনাত ভাৰতত সংক্রমণ আৰু মৃতকৰ সংখ্যা নিয়ন্ত্রণ কৰাত সফল হোৱাত বিজ্ঞানীগৰাকীয়ে ভাৰতৰ শলাগ লয় ৷ তেওঁ আৰু কয় যে সমগ্র বিশ্ব এতিয়া ক’ভিড–১৯ সংক্রমণৰ বাবে সাজু হৈ পৰিছে আৰু কেইবাটাও মাহ অথবা এবছৰ পর্যন্ত সাজু হ’ব লাগিব ৷ ৰাষ্ট্রীয় প্রযুক্তি দিৱস উপলক্ষে ভাষণ প্রদান কৰি ‘হু’ৰ মুখ্য বিজ্ঞানী সৌম্য স্বামীনাথনে কয়– ‘মই ভাৰতৰ মন্ত্রী আৰু তেওঁলোকৰ সহযোগীসকলক অভিনন্দন জনাব বিচাৰোঁ ৷ বিশ্বৰ আন দেশসমূহৰ তুলনাত ক’ভিড–১৯ মহামাৰীৰ সংক্রমণ আৰু মৃতকৰ সংখ্যা নিয়ন্ত্রণ কৰাত দেশখন সফল হৈছে ৷’ আজিৰ এই অনলাইন কনফাৰেঞ্চখনত ভাৰতৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ মন্ত্রী হর্ষ বর্ধনো উপস্থিত আছিল ৷ বিজ্ঞানীগৰাকীয়ে আৰু কয় যে ভেকচিন বিভাগত ভাৰতে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে ৷ বিশ্বই সকলো লোকৰ বাবে পর্যাপ্ত ভেকচিন যোগান ধৰিব নোৱাৰে যদিহে ভাৰতে এই প্রক্রিয়াত অংশ নলয় ৷ উল্লেখ্য যে এটা ভেকচিনৰ উদ্ভাৱন প্রক্রিয়া সম্পূর্ণ হ’বলৈ সাধাৰণতে ১০ বছৰ সময় লয় ৷ ইব’লাৰ ক্ষেত্রত মাত্র ৫ বছৰহে প্রয়োজন হৈছিল ৷ এই সন্দর্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানীগৰাকীয়ে কয়– ‘বর্তমান লক্ষ্য হ’ল ক’ৰোনা ভাইৰাছৰ ভেকচিন এবছৰৰ ভিতৰতে উদ্ভাৱন কৰা ৷ অৱশ্যে এবছৰতকৈ কম সময়ো ল’ব পাৰে ৷’

You might also like