নিয়মীয়া বাৰ্তা, ১৬ মে’ : ক’ৰোনা ভাইৰাছ মহামাৰী বা ক’ভিড–১৯ৰ সংক্রমণে ভাৰতত ক্রমাৎ বিভীষিকাৰ ৰূপ ধাৰণ কৰিবলৈ লৈছে ৷ প্রাণঘাতী এই ভাইৰাছবিধৰ উৎপত্তিস্থল চীনক অতিক্রম কৰি ইয়াৰ দ্বাৰা অধিকসংখ্যক লোক আক্রান্ত দেশৰ তালিকাত ভাৰত শুকুৰবাৰে একাদশ স্থানত উপনীত হৈছে ৷ বিগত বর্ষৰ ডিচেম্বৰ মাহত চীনৰ য়ুহান চহৰত আৰম্ভ হোৱা এই মহামাৰীয়ে দেশখনত বিভীষিকা সৃষ্টি কৰি ৪,৬৩৩ লোকৰ প্রাণ লৈছিল ৷ শেহতীয়া তথ্য অনুসৰি দেশখনত ৮২,৯৩৩জন লোক আক্রান্ত হৈছে ৷ কিন্তু শুকুৰবাৰে ভাৰতে চীনৰ সংক্রমিত লোকৰ সংখ্যা অতিক্রম কৰে ৷ বিগত ২৪ ঘণ্টাত দেশখনত নতুনকৈ ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈছে ৩,৯৬৭গৰাকী লোক ৷ এই সময়ছোৱাত ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈ প্রাণ হেৰুৱাইছে শতাধিক লোকে ৷ ৮২ সহস্রাধিক লোক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হোৱাৰ তথ্য সদৰী কৰি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে এক বিবৃতিত উল্লেখ কৰিছে যে বর্তমান দেশত ৫১,৪০১গৰাকী লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ২৭,৯১৯গৰাকীয়ে আৰোগ্য লাভ কৰিছে ৷ শেহতীয়া তথ্য অনুসৰি ভাৰতত সংক্রমিত লোকৰ সংখ্যা ৮৫,৭৬০জনলৈ বৃদ্ধি পালে ৷ এদিনতে সংক্রমিত হৈছে ৩,৭১২জন ৷ আজি ১০৪জনৰ মৃত্যুৰ পাছত মৃতকৰ মুঠ সংখ্যা বৃদ্ধি পালে ২,৭৫৩জনলৈ ৷