নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ ৬টা কোম্পানী ব্যস্ত ক’ৰোনা ভাইৰাছৰ ভেকচিনৰ গৱেষণাত

নিয়মীয়া বাৰ্তা, ২৯ এপ্রিলঃ মহামাৰী ক’ভিড–১৯ৰ সংক্রমণে বিশ্ব স্তব্ধপ্রায় কৰি তুলিছে ৷ দীর্ঘদিন ধৰি লকডাউনৰ কবলত আছে বিশ্বৰ বহু দেশ৷ এই সময়ছোৱাত সকলো ধৰণৰ অর্থনৈতিক কার্যকলাপো বন্ধ হৈ আছে৷ মহামাৰীৰ আতংকৰ পৰা মুক্ত হৈ বিশ্ববাসী স্বাভাৱিক জীৱনযাত্রালৈ উভতি আহিবলৈ হ’লে ক’ৰোনাৰ প্রতিষেধক আৱিষ্কাৰ হোৱাটো অতি প্রয়োজনীয় হৈ পৰিছে৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকৰ দেহত প্রতিষেধক বেজীৰ সম্পৰীক্ষা কৰা হৈছে যদিও ফলাফল এতিয়াও পোহৰলৈ অহা নাই৷ এনে পৰিস্থিতিত সমগ্র বিশ্বৰ দৃষ্টি এতিয়া ভাৰতবর্ষৰ ওপৰত নিবদ্ধ হৈ পৰিছে৷ আমেৰিকাৰ বিদেশ মন্ত্রী মাইক পোপিওৱে ইতিমধ্যে ঘোষণা কৰিছে যে ক’ৰোনাৰ প্রতিষেধক আৱিষ্কাৰৰ বাবে আমেৰিকা আৰু ভাৰতে যুটীয়াভাৱে কাম কৰিব৷ আচলতে দুয়োখন দেশে বিগত তিনি দশক ধৰি ভেকচিন সন্দর্ভত যৌথ গৱেষণা চলাই আহিছে৷ আমেৰিকা–ভাৰতৰ এই সম্পর্কই আন্তঃৰাষ্ট্রীয় কূটনৈতিক মান্যতাও লাভ কৰিছে৷ ইয়াৰ পূর্বেও দেশ দুখনে ডেংগু, ইনফ্লুৱেঞ্জা আৰু টিবিৰ দৰব আৱিষ্কাৰৰ ক্ষেত্রত গুৰুত্বপূর্ণ সফলতা লাভ কৰিছে৷ শীঘ্রে ডেংগুৰ প্রতিষেধকৰ ট্রায়েল আৰম্ভ কৰাৰো সিদ্ধান্ত গ্রহণ কৰা হৈছে ৷

লক্ষণীয় কথাটো হ’ল, জেনেৰিক দৰব আৰু ভেকচিনৰ ক্ষেত্রত ভাৰত হৈছে সমগ্র বিশ্বৰ প্রধান কেন্দ্র ৷ ইয়াতে ভেকচিন আৰু জেনেৰিক দৰব আটাইতকৈ বেছি উৎপাদন হয়৷ ভাৰতৰ ছটা বৃহৎ কোম্পানীৰ লগতে আন কেইবাটাও কোম্পানী ভেকচিন প্রস্তুতৰ কামত নিয়োজিত হৈ আছে৷ এই কোম্পানীসমূহে পলি’, মেলিনজাইটিছ, নিউম’নিয়া, মামছ, ৰুবেলা আদিৰ লগতে কেইবাটাও ৰোগৰ ভেকচিন ইতিপূর্বে সফলতাৰে প্রস্তুত কৰিছে৷ বর্তমান ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণে বিশ্বত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তো ছটাকৈ ভাৰতীয় কোম্পানীয়ে অহর্নিশে ক’ৰোনাৰ প্রতিষেধক আৱিষ্কাৰৰ কামত নিয়োজিত হৈ আছে৷ এইক্ষেত্রত এটা অগ্রণী নাম হ’ল ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া৷ ভেকচিন উৎপাদন আৰু বিক্রীৰ ক্ষেত্রত এইটোৱে ভাৰতৰ আটাইতকৈ বৃহৎ কোম্পানী৷ ৫৩ বছৰ পুৰণি এই কোম্পানীটোৱে বছৰি ১.৫ অৰব ড’জ ভেকচিন প্রস্তুত কৰে৷ প্রায় ৭,০০০ কর্মচাৰী নিয়োজিত হৈ থকা ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মহাৰাষ্ট্রৰ পুনেত দুটা ডাঙৰ আৰু নেদাৰলেণ্ড, চেক ৰিপাব্লিকত একোটাকৈ সৰু উৎপাদন গোট আছে৷ বিশ্বৰ মুঠ ১৬৫খন দেশত ছেৰামে ভেকচিন যোগান ধৰে ৷ এইদৰে ছেৰাম হ’ল বিশ্বৰ আটাইতকৈ কম দামত ভেকচিন ৰপ্তানি কৰা কোম্পানী ৷

শেহতীয়াকৈ ভাৰতীয় কোম্পানীটোৱে আমেৰিকাৰ কোজজেনিক্স নামৰ বায়’টেক কোম্পানীটোৰ লগত চুক্তিবদ্ধ হৈছে৷ কোম্পানী দুটাই যুটীয়াভাৱে প্রস্তুত কৰিব ‘লাইভ এটেলুয়েটেড’ ভেকচিন৷ ‘লাইভ এটেলুয়েটেড’ হৈছে এনে এবিধ ভেকচিন, য’ত সক্রিয় ভাইৰাছক দুর্বল কৰি লৈ প্রতিষেধক প্রস্তুতৰ কামত ব্যৱহাৰ কৰা হয়৷ গৱেষণাগাৰতো ভাইৰাছবিধ জীৱিত অৱস্থাতে থাকে৷ বর্তমান প্রায় ৮০টা অন্য কোম্পানীয়েও ‘লাইভ এটেলুয়েটেড’ ভেকচিন তৈয়াৰ কৰা কামত ব্যস্ত হৈ আছে৷ ‘লাইভ এটেলুয়েটেড’ৰ ক্ষেত্রত ভাইৰাছৰ ক্ষতিকাৰক দিশসমূহক নিষ্ক্রিয় কৰি লোৱা হয়৷ জীৱিত অৱস্থাত থাকে যদিও এই ভাইৰাছে দেহত সামান্য অসুস্থতাৰহে সৃষ্টি কৰে৷ ইয়াৰ জৰিয়তে নিজে নিজে প্রতিৰোধ ক্ষমতা উৎপন্ন হয়৷ ছেৰাম ইনষ্টিটিউটৰ চি ই অ’ আধাৰ পুনাৱালাই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মতে, অহা এপ্রিল মাহত প্রথমবাৰ এই ভেকচিন জীৱ–জন্তুৰ দেহত প্রয়োগ কৰা হ’ব৷ ছেপ্ঢেম্বৰ মাহত মানুহৰ দেহত প্রয়োগ কৰিব পৰা যাব৷ ইফালে, ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই অক্সফ’র্ডে প্রস্তুত কৰি থকা ভেকচিন বৃহৎ মাত্রাত উৎপাদন কৰিবলৈও চুক্তিবদ্ধ হৈছে৷ ছেপ্ঢেম্বৰ মাহত এইবিধ ভেকচিনৰো দহ হাজাৰ ড’জ উৎপাদনৰ লক্ষ্য লোৱা হৈছে৷ অক্সফ’ডৰ জেনৰ ইনষ্টিটিউটৰ মুখ্য অধ্যাপক এড্রিয়ন হিলে প্রকাশ কৰা মতে, এই বছৰৰ শেষৰ ফালে বিশ্বক এক লাখ ড’জ ভেকচিনৰ প্রয়োজন হ’ব ৷

লকডাউনৰ পৰা সম্পূর্ণ বাহিৰলৈ আহিব পৰাৰ লক্ষ্যৰে প্রতিষ্ঠানটোৱে কাম কৰি আছে বুলি তেওঁ উল্লেখ কৰে৷ অক্সফ’র্ডে ছেৰাম ইনষ্টিটিউটক নির্বাচন কৰাৰ কাৰণটোৱে হ’ল এই কোম্পানীটোৱে অকলেই ৫০–৬০ কোটি ড’জ প্রস্তুত কৰিব পাৰে৷ ইফালে, হায়দৰাবাদৰ ভাৰত বায়’টেকেও ইউনিভার্ছিটী অৱ ভিছকোচিন মেডিচিন আৰু আমেৰিকাৰ ফ্লুজেন ফার্মৰ লগত একেলগে কাম কৰাৰ কথা ঘোষণা কৰিছে৷ ইয়াৰ জৰিয়তে কোম্পানীটোৱে ৩০ কোটি ড’জ ভেকচিন উৎপাদনৰ বাবে সমর্থৱান হৈছে৷ কেডিলাইও দুটা ভেকচিনৰ গৱেষণাৰ বাবে কাম কৰি আছে৷ একেদৰে বায়’লজিকেল ই, ইণ্ডিয়ান বায়’লজিক্লছ আৰু মিনভেক্সেও একোটাকৈ ভেকচিনৰ ওপৰত গৱেষণা চলাই আছে৷ যাৰ বাবে ভাইৰাছৰ প্রতিষেধকৰ বাবে সমগ্র বিশ্বই ভাৰতলৈ আশাৰে বাট চাই আছে৷ এই কোম্পানীসমূহৰ তৎপৰতাক প্রশংসা কৰি ৱ’ল্ড হেল্থ অর্গেনাইজেচনৰ মুখ্য বিজ্ঞানী সৌম্যা স্বামীনাথনে কয় যে ফার্মাচিউটিকেল প্রতিষ্ঠানসমূহে মানসন্মত উৎপাদনৰ লগতে উদ্ভাৱনতো ধন বিনিয়োগ কৰাটো প্রশংসনীয় কার্য৷ ইয়াৰ বাবেই প্রতিষেধক উৎপাদনৰ সম্ভাৱনীয়তা বৃদ্ধি পাইছে৷ এই কোম্পানীসমূহে নিজৰ ব্যৱসায়ৰ লগতে বিশ্ববাসীৰ উপকাৰৰ বাবেও কাম কৰি আছে৷ সকলোৱে ভাৰতীয় কোম্পানীসমূহৰ এই প্রচেষ্টা সফল হোৱাটোৱে কামনা কৰিছে ৷

You might also like