নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমবিবিএছৰ পাঠ্যক্রম ৪.৫ বছৰীয়া কৰাৰ পৰামর্শ চৰকাৰক

আয়ুস মন্ত্রী শ্রীপদ নায়কৰ নেতৃত্বত কমিটী গঠন

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ আয়ুস মন্ত্রী শ্রীপদ য়েছ’ নায়কৰ নেতৃত্বত এদল মন্ত্রীৰ কমিটীয়ে এম বি বি এছৰ পাঠ্যক্রম ৫.৫ বছৰৰ পৰিৱর্তে ৪.৫ বছৰলৈ হ্রাস কৰাৰ পৰামর্শ আগবঢ়াইছে৷ উল্লেখনীয় যে এম বি বি এছ শিক্ষার্থীসকলে এবছৰ ইণ্টার্নশ্বিপসহ ৫.৫ বছৰীয়া পাঠ্যক্রম সম্পূর্ণ কৰিবলগীয়া হয়৷ কিন্তু পৰিৱর্তিত পৰিস্থিতিৰ প্রতি গুৰুত্ব প্রদান কৰি এই পাঠ্যক্রম ৪.৫ বছৰলৈ হ্রাস কৰাৰ পৰামর্শ আগবঢ়াইছে মন্ত্রীৰ দলটোৱে৷ এম বি বি এছ পাঠ্যক্রমৰ সময়সীমা হ্রাস কৰাৰ বাবে তিনিটা বিষয়ত অনুমোদন জনাইছে মন্ত্রীৰ দলটোৱে৷ ইয়াৰ উপৰি এম বি বি এছ ডিগ্রী লাভ কৰাৰ পূর্বে চিকিৎসকৰ গ্রামাঞ্চলত দুবছৰীয়া পোষ্টিং বাধ্যতামূলক কৰাৰো পৰামর্শ আগবঢ়োৱা হৈছে৷ উল্লেখনীয় যে ইয়াৰ জৰিয়তে গ্রামাঞ্চলত চিকিৎসকৰ সংখ্যা বৃদ্ধিৰ ওপৰত গুৰুত্ব প্রদান কৰিছে মন্ত্রীৰ দলটোৱে৷ দ্য প্রিণ্টৰ প্রতিবেদনত সদৰী হৈছে এই তথ্য৷ উল্লেখনীয় যে এই মন্ত্রীৰ দলটোত সদস্য হিচাপে আছে কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিং, অশ্বিনী কুমাৰ চৌবে, ৰতন লাল কাটাৰিয়া আৰু দেৱশ্রী চৌধৰী৷ যোৱা অক্টোবৰ মাহতে চৰকাৰৰ ওচৰত আয়ুসমন্ত্রী শ্রীপদ য়েছ’ নায়কৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰক এই পৰামর্শাৱলী আগবঢ়োৱা হৈছে৷ উল্লেখনীয় যে ক’ভিড–১৯ৰ পিছত স্বাস্থ্য সেৱাৰ ক্ষেত্রত গুৰুত্ব প্রদান কৰিয়েই মন্ত্রীৰ দলটোৱে এই পৰামর্শ আগবঢ়োৱা বুলি ‘দ্য প্রিণ্ট’ৰ প্রতিবেদনত প্রকাশ কৰা হৈছে৷

You might also like