নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ উত্তৰ প্রদেশৰ বলৰামপুৰত এলপিজি গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি এটি শিশুৰ কৰুণ মৃত্যু ঘটে৷ এই বিস্ফোৰণত শিশুটিৰ মাতৃ আৰু ভগ্নী গুৰুতৰভাৱে আহত হয়৷
জিলাখনৰ আৰক্ষী অধীক্ষক দেৱৰঞ্জন বার্মাই প্রকাশ কৰা মতে সোমবাৰে পুৱা মহম্মদ ৰাজ নামৰ লোক এজনৰ বাসগৃহত ৰন্ধন গেছৰ চিলিণ্ডাৰ এটি বিস্ফোৰণ ঘটে৷ এই বিস্ফোৰণত ১ বছৰীয়া শিশু এটিৰ ঘটনাস্থলীতে কৰুণ মৃত্যু ঘটে৷ গুৰুতৰভাৱে আহত শিশুটিৰ মাতৃ আৰু ভগ্ণীক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে যদিও বর্তমান সংকটজনক অৱস্থাত আছে৷ আৰক্ষী অধীক্ষকগৰাকীয়ে প্রকাশ কৰা মতে বিস্ফোৰণৰ ফলত বাসগৃহটোৰ কেবাটাও কোঠালি ক্ষতিগ্রস্ত হৈছে৷