নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাবৰ খালছাৰ দুই সন্ত্রাসবাদীক গ্রেপ্তাৰ দিল্লীত

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ দেশৰ ৰাজধানী নতুন দিল্লীত কালি নিৰাপত্তা বাহিনীয়ে বিক্ষিপ্ত সংঘর্ষৰ অন্তত নিষিদ্ধ সংগঠন বাবৰ খালছাৰ দুই সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ দিল্লী আৰক্ষীৰ বিশেষ শাখাই প্রকাশ কৰা মতে বাবৰ খালছা ইণ্টাৰনেচনেল (বিকেআই)ৰ দুই সন্ত্রাসবাদীৰ সৈতে নিৰাপত্তা বাহিনীৰ কিছু সময় সংঘর্ষ চলে যদিও পিছলৈ কোনো হানি–বিঘিনি নোহোৱাকৈ সন্ত্রাসবাদী দুটাক গ্রেপ্তাৰ কৰে৷

আৰক্ষীয়ে সন্ত্রাসবাদীৰ হাতৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্র জব্দ কৰে৷ উত্তৰ–পশ্চিম দিল্লীত সংঘর্ষৰ পিছত গ্রেপ্তাৰ কৰা দুই বিকেআই সন্ত্রাসবাদী হৈছে ভূপেন্দৰ ওৰফে ডিলাবৰ সিং আৰু কুলবন্দ সিং৷ দুয়োজন সন্ত্রাসবাদীৰ বিৰুদ্ধে কেইবাটাও অপৰাধমূলক গোচৰ ৰুজু হৈ আছে৷ আৰক্ষীয়ে উদ্ধাৰ কৰা অস্ত্রৰ ভিতৰত ৬টা পিষ্টল আৰু ৪০ জাঁই কার্টিজ আছে৷

উল্লেখ্য যে বিকেআই হৈছে কানাডা, জার্মানী, গ্রেট ব্রিটেইন আৰু ভাৰতৰ কিছু অংশত নেটৱর্ক থকা সন্ত্রাসবাদী সংগঠন৷ শিখৰ নিৰাংকৰি শাখাৰ সৈতে হোৱা সংঘাতৰ ফলত ১৯৭৮ চনত বিকেআই গঠন কৰা হৈছিল৷

You might also like